Elderly Parents Victims Of Son-in-law Cheating:
নিজৰ একমাত্ৰ জীৱৰীৰ দ্বাৰাই প্ৰৱঞ্চনাৰ বলি হ’ল এহাল বৃদ্ধ দম্পতী ৷ হৃদয় কপোৱা এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ৷
নিজ জী- জোঁৱাই মিলি বৃদ্ধ দম্পতীৰ একাউণ্টৰ পৰা লুটি নিলে ৩৮ লাখ টকাৰ লগতে লুটিলে বেংকৰ লকাৰত থকা ৪০ তোলা সোণ।
প্ৰৱঞ্চক জী- জোঁৱাই ইয়াতে ক্ষান্ত নাথাকি বৃদ্ধ পিতৃ-মাতৃৰ ফ্লেটৰ নামটো বেংকৰ পৰা ল’লে ১২ লাখ টকাৰ ঋণ ৷
প্ৰাপ্ত খবৰ মতে, মহানগৰীৰ হাতীগড় চাৰিআলিৰ গীতানগৰ হাইস্কুলৰ সমীপৰ নবীন এনক্লেভৰ চতুৰ্থ মহলাৰ ফ’ৰ ই নম্বৰৰ ফ্লেটৰ নিবাসী অএনজিচিৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ নিজ জীয়ৰী অংগীৰা কাশ্যপ আৰু ৰাজস্থানৰ জোঁৱাই দুলাল কুমাৰ দাসে মিলি বৃদ্ধ পিতৃ- মাতৃৰ একাউণ্টৰ পৰা প্ৰৱঞ্চনাৰে লুটিলে ৩৮ লক্ষাধিক টকা আৰু বেংকৰ লকাৰৰ পৰা লুটিলে প্ৰায় ৪০ তোলা সোণ ৷
ইতিমধ্যে জী- জোঁৱাইৰ এই কৰ্মকাণ্ডৰ বিষয়ে অৱগত হোৱাৰ পাছতে মুৰে কপালে হাত দিছে দুৰ্ভগীয়া বৃদ্ধ পিতৃ-মাতৃয়ে ৷ আনকি জী-জোঁৱাইৰ ম’বাইল অফ হৈ আছে ১৭ অক্টোবৰৰ পৰা ৷
যোগাযোগ বিহীন হোৱাৰ পাছতে নিজ জীয়ৰী আৰু জোঁৱাইৰ দ্বাৰা প্ৰৱঞ্চিত পিতৃয়ে দুয়োৰে বিৰুদ্ধে গোচৰ তৰে গীতানগৰ থানাত ।
আনহাতে বেংকৰ লোনৰ ভোটে খেদিছে বৃদ্ধ দম্পতীহালক ৷ পানীত হাঁহ নচৰা অৱস্থা হোৱা দম্পতীহালৰ এতিয়া এসাজ ভাতৰ বাবে কৰিছে হাহাকাৰ ৷ অৱশ্যে তেওঁলোকক খাদ্য যোগান ধৰি সাময়িক সকাহ দিছে ওচৰ চুবুৰীয়াই ৷
উল্লেখ্য যে, দম্পতীহালৰ প্ৰৱঞ্চক জীয়ৰী এল এল বি ডিগ্ৰী ধাৰি হোৱাৰ লগতে এগৰাকী জনপ্ৰিয় গায়িকাও ৷