BTR Chief Pramod Boro Pressmeet In Hotel Lily:৩ বছৰ সম্পূৰ্ণ হ’ল বিটিআৰ চৰকাৰৰ

বড়োলেণ্ডলৈ ক্ৰমাৎ ঘূৰি আহিছে শান্তি

promod boro

BTR Chief Pramod Boro Pressmeet In Hotel Lily:

৩ বছৰ সম্পূৰ্ণ হ’ল বিটিআৰ চৰকাৰৰ ৷ এই উপলক্ষে শণিবাৰে বিটিআৰৰ মুৰব্বী প্রমোেদ বড়োৰ এক সংবাদ মেল সম্বোধন কৰে মহানগৰীৰ হোটেল লিলীত ৷
সংবাদমেলত বিটিআৰৰ মুৰব্বী গৰাকীয়ে বিটিআৰ চৰকাৰৰ তিনিবছৰ অগ্ৰগতিৰ এক ক্ষতিয়ান দাঙি ধৰে ৷

সেই অনুসৰি ইউ পি পিএল চৰকাৰে দায়িত্ব সময়ত আছিল প্ৰায় ২১০০শ কোটি টকা ধাৰ আছিল ৷ কিন্ত শেহতীয়াকৈ সেই ধাৰ হ্ৰাস পায় হৈছেগৈ ১২শ কোটি ৷

আনহাতে বড়োলেণ্ডলৈ উভতি আহিছে শান্তি ৷ পূর্বে বড়োলেণ্ডত যাবলৈ ভয় কৰিছিল আন লোকে ৷ যোৱা তিনিটা বছৰত কোেনা ধৰণৰ সংঘর্ষ, যুদ্ধ হোৱা নাই’৷ এতিয়া বড়োলেণ্ডৰ নিৰাপত্তা ঘূৰাই অনা হৈছে’ ‘সকলো জনজাতি এক কৰি আমি আগবাঢ়ি আহিছো’ ৷

একেদৰে যোৱা তিনিটা বছৰত বিটিআৰ অঞ্চলত নির্মাণ হৈছে ১,০৬০ কি.মি. পথ ৷ ১৭ বছৰত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে বনাইছিল ৩৯ টা ঘৰ ৷ কিন্ত ইয়াৰ বিপৰীতে তিনিটা ৩ বছৰত নিৰ্মাণ হ’ল ১,৬৯,৩৭৫টা ঘৰ ৷

ক্রীড়া ক্ষেত্ৰতো যোৱা দিন কেইটাত যথেষ্ট উন্নতি হৈছে ৷ যাৰ জলন্ত নিৰ্দেশন বিটিআৰৰ এলেকাধীন তামুলপুৰত আয়োজন হয় ডুৰাণ্ড কাপৰ ৷

Exit mobile version