Woman Has 800 Lovers:মহিলাৰ আছে ৮০০জন প্রেমিক !

যৌৱন ধৰি ৰাখিবলৈ নিতৌ পান কৰে ছাগলীৰ গাখীৰ

andrea sunshine 1

Woman Has 800 Lovers:

সম্প্রতি সামাজিক মাধ্যমত আন্দ্রেয়া ছানছাইন নামৰ এগৰাকী মহিলাই বিশেষ চর্চা লাভ কৰিছে । আন্দ্রেয়াই মূলতঃ দুটা কাৰণত সংবাদ শিৰোনাম দখল কৰিছে। আন্দ্রেয়া চর্চিত হোৱাৰ প্ৰথমটো কাৰণ হৈছে তেওঁৰ প্ৰেমিকৰ সংখ্যা।

আন্দ্রেয়াই বর্তমানলৈকে ৮০০ জন পুৰুষৰে প্রেমজনিত সম্পর্কত আবদ্ধ হৈছে। আন্দ্রেয়া এগৰাকী শৰীৰ চর্চাবিদ আৰু তেওঁৰ ইনষ্টাগ্রামত ৫,১২,০০০ জন অনুৰাগী আছে। আন্দ্ৰেয়াৰ ১৮ বছৰ পূর্বে বিবাহ-বিচ্ছেদ হৈছিল।

তেতিয়াৰে পৰা অর্থাৎ বিবাহ-বিচ্ছেদৰ পাছত তেওঁ ৭২০জন পুৰুষৰ স’তে সম্পর্ক স্থাপন কৰিছিল। বর্তমান আন্দ্রেয়াৰ বয়ফ্রেণ্ড অর্থাৎ প্ৰেমিকৰ সংখ্যা হৈছে ৮০০জন। ৫৩ বছৰীয়া বয়সৰ আন্দ্রেয়া ফিটনেছ জগতত এক পৰিচিত নাম। নিজৰ ৮০০ বয়ফ্রেন্ড থকাৰ কথা আন্দ্ৰেয়াই স্বীকাৰ কৰাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আন্দ্রেয়াৰ জীৱনশৈলীয়ে শেহতীয়াভাবে সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে। ৫৩ বছৰীয়া মহিলাৰ আঠ শতাধিক প্রেমিক থকাৰ কথা বহু লোক বিশ্বাস কৰিব পৰা নাই।

আন্দ্রেয়া চর্চিত হোৱাৰ আনটো কাৰণ হৈছে ছাগলীৰ গাখীৰ। সামাজিক মাধ্যমত আন্দ্রেয়াই সদৰী কৰা অনুসৰি, তেওঁ নিতৌ ছাগলীৰ গাখীৰ পান কৰি আহিছে। আন্দ্রেয়াই কয় যে তেওঁ সুস্বাস্থ্যবান আৰু যৌৱন ধৰি ৰাখিবলৈ ছাগলীৰ গাখীৰ পান কৰে।

‘মই ছাগলীৰ গাখীৰ পান কৰো, কিয়নো ছাগলীৰ গাখীৰে ছালক হাইড্রেট কৰি ভিটামিন ‘এ’ ৰ  জৰিয়তে মোৰ ছাল নৰম কৰি ৰাখে।’ আন্দ্রেয়াই এইদৰে জনাই লগতে কয় যে তেওঁ কেবল ছাগলীৰ গাখীৰেই নহয়, নিয়মীয়াকৈ সুৰাপানো কৰি আহিছে ।

ছাগলীৰ গাখীৰ আন্দ্ৰেয়াৰ অতি প্রিয় হোৱা হেতুকে এজন প্রেমিকে তেওঁক ৪০০টা ছাগলী উপহাৰ দিব বিচাৰিছিল। এইজন প্রেমিকে আন্দ্ৰেয়াক বিবাহৰ প্ৰস্তাৱো দিছিল। অৱশ্যে আন্দ্ৰেয়াই প্ৰেমিকৰ পৰা ছাগলী উপহাৰ আৰু বিবাহৰ প্রস্তাৱ এতিয়াও স্বীকাৰ কৰা নাই।

প্ৰেমিকৰ পৰা ছাগলী উপহাৰ লাভ কৰাৰ প্রসংগত আন্দ্রেয়াই কয় যে তেওঁৰ এপার্টমেন্টত ইমান সংখ্যক ছাগলী ৰখাৰ স্থান নাই। পুনৰ বৈবাহিক জীৱনৰ তিক্ততাৰ অভিজ্ঞতা অর্জন বিবাহৰ প্ৰসংগত তেওঁ কয় ‘মই ইতিমধ্যে কৰিলো, সেয়েহে পুনৰ বিবাহৰ কথা এতিয়া চিন্তা কৰা নাই ।

শৰীৰ চৰ্চা কৰিয়ে মই ব্যস্ত থাকো। অৱশ্যে মই বৰ ৰোমাণ্টিক আৰু প্ৰেমিকৰ স’তে সময় কটাবলৈ ভাল পাওঁ। প্রকৃত প্ৰেমৰ সন্ধান পালেহে পুনৰ বিয়াৰ কথা চিন্তা কৰিম।’

Exit mobile version