Four youths Arrested In Connection with Grenade Blast In Shivsagar:শিৱসাগৰৰ গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত গ্ৰেপ্তাৰ চাৰি যুৱক

sivsagar 1

Four youths Arrested In Connection with Grenade Blast In Shivsagar:

শিৱসাগৰ জিলাৰ জয়সাগৰস্থ চিআৰপিএফৰ কেম্পৰ সন্মুখত ৯ ডিচেম্বৰত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ তদন্তৰ বাবে ঘটনাস্থলীত’ নিয়া’ৰ বিশেষ দল উপস্থিত হোৱাৰ প্ৰাকমুহূৰ্তত আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত বিস্ফোৰণৰ স’তে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে চাৰি যুৱকক ৷

ধৃত যুৱক কেইজন হ’ল মিণ্টু চেতিয়া , ৰিণ্টু নাথ,ৰাহুল মোহন আৰু দিব্যজ্যোতি চেতিয়া ৷ ইতিমধ্যে আজি শিৱসাগৰ আৰক্ষীয়ে আটকাধীন যুৱক কেইজনক আদালতত হাজিৰ কৰাৰ পাছতে আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, ৯ ডিচেম্বৰত নিশা সংঘটিত এই গ্ৰেনেড বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা(স্বাঃ)- এ । দীৰ্ঘদিনৰ পৰা আলফাৰ লিংকমেন হিচাপে কাম কৰি অহাৰ অভিযোগ উদ্থাপিত হৈছিল আটকাধীন যুৱক কেইজন।

Exit mobile version