Social Worker- Poet Jayanti Bora Received Swarnalata Memorial Award:অসম শিল্পী কাননৰ উদ্যোগত নেহৰুবালিত কেন্দ্ৰীয় ৰাস মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ

বিশিষ্টা সমাজকৰ্মী - কবি জয়ন্তী বৰালৈ স্বৰ্ণলতা সোঁৱৰণী বঁটা

joyanti bora

Social Worker- Poet Jayanti Bora Received Swarnalata Memorial Award:

অসম শিল্পী কানন “ৰ উদ্যোগত আৰু শিল্পপ্রাণ ৰাইজৰ সহযোগত নগাঁৱৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিত ২২,২৩ আৰু ২৪ ডিচেম্বৰত অনুষ্ঠিত উদযাপিত হ’ব “কেন্দ্রীয় ৰাস মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ

এই বৃহৎ সাংস্কৃতিক সমাৰোহতে অসম শিল্পী কাননে নগাঁৱৰ বিশিষ্টা সমাজকৰ্মী – কবি জয়ন্তী বৰালৈ চলিতবৰ্ষৰ বাবে আগবঢ়োৱা হৈছে ‘স্বৰ্ণলতা সোঁৱৰণী বঁটা’ ৷

উল্লেখ্য যে,নগাঁও চহৰৰ আমোলাপট্টি নিবাসী জয়ন্তী বৰা সামাজিক,সাংস্কৃতিক আৰু সমাজহিতকৰ কামৰ সৈতে ওতপ্ৰোত:ভাৱে জয়িত থকাৰ লগতে কবিতা পুথি ‘ৰামধেনু দেশৰ ছোৱালীজনী,কবিতা মোৰ বুকুৰ সুবাদ,ছান্দিনী জৰীৰ সুগন্ধি,শিশু গল্প ‘ইৰিকটি মিৰিকটি চৰাই -চিৰিকটি,দুকুলী আইতাৰ কাহিনী আদি কেইবাখনো গ্ৰন্থ ৰছনা কৰি সাহিত্যানুগীৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ৷

জনপ্ৰিয় শিশু সাহিত্যিক গৰাকী অসম সাহিত্য সভা আৰু অসম কবি সন্মিলনৰ আজীৱন সদস্য ৰূপে জড়িত ৷ সকলোৰে মাজত জনপ্ৰিয় বৰাৰ এই কৃতিত্বত সাহিত্যানুৰাগী মহলে শুভেচ্ছা জনাইছে ৷

Exit mobile version