DFO Akhtar Hussain Took Advance Bail For Fear Of Arrest:গ্ৰেপ্তাৰৰ আশংকাত অগ্ৰিম জামিন ল’লে ডিএফ অ’ আখতাৰ হুছেইনে

গুৱাহাটী,গোৱালপাৰা সহ বিভিন্ন স্থানত থকা সা- সম্পত্তি দেখি হতবাক চিএম ভিজিলেঞ্চৰ দল

hussain

DFO Akhtar Hussain Took Advance Bail For Fear Of Arrest:

আয় বহিভূত পৰ্বতসম সম্পত্তি আহৰণ কৰা বহু বিৰ্তকিত ডিএফঅ আখতাৰ হুছেইনৰ মহানগৰীৰ হাতীগাঁৱৰ শেৱালি পথস্থ প্ৰাসাদোপম অট্টালিকা সহ বিভিন্ন স্থান সহ গৃহ গোৱালপাৰাটো চি এম ভিজিলেঞ্চ মঙলবাৰে অভিযান চলাই কেতবোৰ বেংক পাছবুক, মাটিৰ নথি-পত্ৰ,সোণৰ আ- অলংকাৰ,কে’বাখনো জীৱন বীমাৰ পলিচি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

হাতীগাঁৱৰ শেৱালি পথস্থ কে’বামহলীয়া অট্টালিকাৰ ভিতৰত থকা অত্যাধুনিক ইনটেৰিয়ৰ ডিজাইন দেখি হতভম্ব হৈ পৰিছিল ভিজিলেঞ্চৰ তদন্তকাৰী দল ৷

চি এম ভিজিলেঞ্চ লাভ কৰা বৃহৎ পৰিমাণৰ তথ্যই যিকোনো সময়তে দুনীৰ্তিগ্ৰস্ত ডিএফঅ বিষয়াজনক গ্ৰেপ্তাৰৰ আংশকাৰ পুৰ্বানুমান কৰি আজি বিষয়াজনে লয় অগ্ৰিম জামিন ৷

উল্লেখ্য যে,ভূমি সংৰক্ষণ বিষয়াজনে ইতিমধ্যে নামে- বেনামে হাতীগাওঁ সহ মহানগৰীৰ সাওকুছি,সিজুবাৰী, কটাহবাৰী,নটবমাত আছে বহু মূল্যৱান মাটি ৷

Exit mobile version