Father And Son victims Of Brutality In Gohpur:মৰ্মান্তিক ঘটনা !

ৰাসত অভিনয় কৰিব নিদিয়াৰ বাবেই পিতা-পুত্ৰক হানি খুচি নৃশংসভাৱে হত্যা

murder in gahpur

Father And Son victims Of Brutality In Gohpur:

গহপুৰত সোমবাৰে নিশা সংঘটিত হোৱা এক মৰ্মান্তিক লোমহৰ্ষক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

পূব -কলাবাৰীৰ দেউৰীচুকৰ নামঘৰত ৰাস অনুষ্ঠান চলি থকাৰ মাজতে একেগাঁৱৰে তিনিজন লোকে এহাল পিতা- পুত্ৰক অতি নৃশংসভাৱে হানি খুচি হত্যা কৰে ৷

হত্যাকাণ্ড বলি হোৱা দুজন হ’ল ক্ৰমে পিতৃ হিতেশ্বৰ শইকীয়া আৰু পুত্ৰ সীমন্ত শইকীয়া ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ক্ষীপতাৰে অভিযান চলাই নিশাই গ্ৰেপ্তাৰ কৰে তিনি হত্যাকাৰী কৃষ্ণ বৰদলৈ আৰু তেওঁৰ দুই পুত্ৰ মদন বৰদলৈ,অকন বৰদলৈক ৷

আনহাতে আটকাধীন তিনিজনে আৰক্ষীক সদৰি কৰা মতে , ৰাসত অভিনয় কৰাৰ ক্ষেত্ৰত মৃত পিতা- পুত্ৰই বাধাৰোপ কৰিছিল ৷ এই বিষয়ক লৈ তেওঁলোক হৈ পৰিছিল ক্ষুন্ন ৷ যাৰবাবে এনে ঘটনা কৰিবলৈ বাধ্য হ’ল বুলি যদিও স্বীকাৰোক্তি দিছে ৷ তথাপিও প্ৰতিয়ণ যোৱা নাই আৰক্ষী ৷

সৰবৰহী পিতা- পুত্ৰ মৃত্যুক লৈ সমগ্ৰ পূব -কলাবাৰীৰ দেউৰীচুকক শোঁকৰ ছাঁ পৰিছে ৷ সকলোৱে হত্যকাৰীৰ কঠোৰতম শাস্তিৰ দাবী কৰিছে ৷

Exit mobile version