Leopard Tranquilised In Fatashil -Ambari:মহানগৰীৰ ফটাশিল আমবাৰীত নাহৰফুটুকীৰ আতংক

নাহৰফুটুকীৰ আক্ৰমণত আহত তিনিজনকৈ লোক, জি এছ কলনীৰ এটা বাসগৃহত সোমাই আছিল নাহৰফুটুকীটো, অৱশেষত কৰা হ'ল ট্ৰেংকুলাইজড

main footage

Leopard Tranquilised In Fatashil -Ambari:

মহানগৰীৰ ফটাশিল- আমবাৰীত নাহৰফুটুকীৰ আতংক ৷ নাহৰফুটুকীৰ আক্ৰমণত আহত তিনিজনকৈ লোক ৷

মঙলবাৰে পুৱাতে ফটাশিল- আমবাৰীৰ দাঁতকাষৰীয়া পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা নাহৰফুটুকীটোৱে জি এছ কলনীত সন্ত্ৰাস সৃষ্টি কৰি তিনিজন লোকক আক্ৰমণ কৰি এঘৰ লোকৰ ঘৰত সোমাই পৰে ৷পাছত গৃহস্থই বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি আবদ্ধ কৰে বাঘটোক ৷

এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজতে ঘটনাস্থলীত বনবিভাগৰ বিশেষ দল ট্ৰেংকুলাইজড সহ উপস্থিত হয় ৷ পাছত অশেষ চেষ্টাৰ অন্তত নাহৰফুটুকীটোক ট্ৰেংকুলাইজড কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে ট্ৰেংকুলাইজড কৰা বনৰজাক ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় ৷

উল্লেখ্য যে বনৰজাৰ আক্ৰমণত আহত হয় বনকৰ্মী,এজন চিকিৎসক সহ এজন স্থানীয় লোক ৷

মনকৰিবলগীয়া যে,এসপ্তাহ পূৰ্বে এই অঞ্চলতে দুটাকৈ নাহৰফুটুকীৰ এটাক বিহ দি আৰু আনটোক মৰিয়াই নৃশংসভাৱে হত্যা কৰা হৈছিল ৷ এই সন্দৰ্ভত বন বিভাগে অব্যাহত ৰাখিছে তদন্ত ৷

Exit mobile version