Little son Died At Hands Of His Father:পিতৃৰ নৃশংসতাৰ বলি কণমানি পুত্ৰ !

কান্দি থকা বাবেই পিতৃয়ে ভৰিৰে গচকি হত্যা কৰিলে নিজ শিশু পুত্ৰক

child murder

Little son Died At Hands Of His Father:

এক মৰ্মান্তিক নিৰ্মম ঘটনাই জোকাৰি গৈছে গোলাঘাটৰ বৰপথাৰ ৷ নিজ পিতৃৰ হাতত প্ৰাণ গ’ল কণমানি শিশুৰ

প্ৰাপ্ত ঘটনা মতে,গোলাঘাটৰ বৰপথাৰত ওপৰলাংঠা গাঁৱত সোমবাৰে নিজৰ চাৰি বছৰীয়া শিশু পুত্ৰই কান্দি থকাৰ বাবেই খঙৰ ভমকত পিতৃয়ে ভৰিৰে গচকি অতি নৃশংসভাৱে হত্যা কৰে ৷

নিজ গৃহতে তেজেৰে তুমৰলি হৈ পৰি থকা শিশুটিৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি আইতাক কিংকৰ্তব্যবিমূঢ় হৈ চিঞৰ- বাখৰ কৰাত স্থানীয় চুবুৰীয়া গোট খাই ৷

বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজগৃহত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ ।

উল্লেখ্য যে,আইতাকে সদৰি কৰা মতে, পাষাণ পিতৃ প্ৰশান্ত হাওয়ে ভৰিৰে গচকি হত্যা কৰাৰ পাছত নিজ গৃহৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতিবলৈ চেষ্টা কৰিছিল যদিও ইতিমধ্যে ঘটনাস্থলীত স্থানীয় লোক আৰু গাঁওৰক্ষী বাহিনী উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিশাই গ্ৰেপ্তাৰ কৰে পাষণ্ড পিতৃ প্ৰশান্ত হাওক ৷ উল্লেখ্য যে,আটকাধীন প্ৰশান্তৰ পত্নী আৰু দুই জীয়ৰী কামৰ তাগিদাত নাগালেণ্ড ডিমাপুৰত থকাৰ বিপৰীতে কণমানি পুত্ৰ আছিল আইতাকৰ স’তে বৰপথাৰত ৷

আনহাতে স্থানীয় গঞাই সদৰি কৰা মতে পাষাণ প্ৰশান্ত হাও বিভিন্ন অপৰাধজনিত কাৰ্যৰে জড়িত ৷ অপৰাধমূলক কামকাজৰ বাবে ইয়াৰ পূৰ্বে একাধিকবাৰ ৰঙাঘৰৰ আলহী হৈছিল ৷

Exit mobile version