Three ULFA(I) Members Arrested in Maligaon :মহানগৰীৰ মালিগাঁৱত গ্ৰেপ্তাৰ আলফা(স্বা)ৰ ৩ সদস্য

ধৃত যুৱক কেইজনৰ পৰা উদ্ধাৰ অত্যাধুনিক মাৰাণাস্ত্ৰ, বাহৰ পাতি আছিল ৰে'লৱে কলনিৰ এঘৰ লোকৰ বাসগৃহত

arrested 1

Three ULFA(I) Members Arrested in Maligaon :

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক আলফা(স্বা)ই ভাবুকি দিয়াৰ পাছত মঙলবাৰে ঘটনাক্ৰমে তিনি আলফা(স্বা)ৰ কেডাৰ আটক হয় মহানগৰীৰ মালিগাঁৱত

মালিগাঁৱৰ ৰে’লৱে কলনিৰ(বিবিচি) এঘৰ লোকৰ বাসগৃহত সন্দেহযুক্ত আলফা(স্বা)ৰ কেডাৰ আত্মগোপন কৰি থকাৰ সম্ভেদ লাভ কৰাৰ পাছতে আজি দুপৰীয়া মহানগৰ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই তিনি কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত আলফা(স্বা)ৰ কেডাৰ কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে অত্যাধুনিক মাৰাণাস্ত্ৰ ৷ আটকাধীন আলফা( স্বা:) কেডাৰ কেইজন হ’ল ৰূপজ্যোতি দাস, মুন দেৱনাথ আৰু অসীম অধিকাৰী ৷

উল্লেখ্য যে,ডিজিপিক আলফা( স্বা:)- এ ভাবুকি দিয়াৰ এপ্তাহৰ পাছতে তিনিজনকৈ কেডাৰক অসম আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ গ্ৰেপ্তাৰ কৰাৰ ঘটনাই বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

কি উদ্দেশ্যে মহানগৰীত অস্ত্ৰ-শস্ত্ৰ সহ আলফা (স্বা:) সদস্য কেইজন বাহৰ পাতি আছিল এই সন্দৰ্ভত মাৰাথন জেৰা অব্যাহত ৰাখিছে ধৃত সদস্য কেইজনক ৷

Exit mobile version