Body Of School Bus Driver Found Inside Toilet:গীতানগৰৰ গুৰুকুল গ্রামাৰ হাইচেকেণ্ডৰী স্কুলত অঘটন !

শৌচালয়ৰ ভিতৰত উদ্ধাৰ বিদ্যালয়ৰ বাছ চালকৰ মৃতদেহ

geetanagar

Body Of School Bus Driver Found Inside Toilet:

মহানগৰীৰ গীতা মন্দিৰত অঘটন। বিদ্যালয়ৰ শৌচগাৰত মৃত অৱস্থাত উদ্ধাৰ স্কুল বাছ চালক ৷

সন্দেহ কৰা মতে,শৌচ কৰি থাকোতে শোকাৱহ মৃত্যু ঘটে বাছ চালকজনৰ । এই কৰুণ ঘটনা সংঘটিত হয় গুৰুকুল গ্রামাৰ হাইচেকেণ্ডৰী স্কুলত ।

উল্লেখ্য যে,শিক্ষানুষ্ঠান খনৰ পাঠদান শেষ হোৱাৰ পাছত সকলো শিক্ষক-শিক্ষাৰ্থী গৃহাভিমুখী হোৱাৰ বাবে বাছলৈ অপেক্ষা কৰে ৷ পৰৱৰ্তী সময়ত চালকজনলৈ ফোন কৰাত ফোনৰ ৰিং হোৱাৰ শব্দ আছে বিদ্যালয়ৰ শৌচালয়ৰ ভিতৰৰ পৰা ৷ ফোনৰ উৎস বিচাৰি নিৰাপত্তাৰক্ষী যেতিয়া শৌচালয়ৰ ওচৰ পায় ৷ কিন্ত ভিতৰৰ পৰা কোনো ওৱাদিশ নোপোৱাত পাছত খবৰ দিয়া হয় নুনুমাটি আৰক্ষী ৷

নুনুমাটি আৰক্ষী আহি দুৱাৰ ভাঙি শৌচালয়ৰ ভিতৰত মৃতদেহ উলংগ অৱস্থাত উদ্ধাৰ কৰে ৷ হ্দযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে সকলো পোহৰলৈ আহিব মৰনোত্তৰ পৰীক্ষাৰ অন্তত ৷মৃত বাছ চালকজনৰ নাম জিম্মা চুব্বা ৷ ঘৰ বৰবাৰীত ৷ যোৱা এবছৰ দিনধৰি শিক্ষানুষ্ঠান খনৰ স্কুলবাছৰ চালক হিচাপে কৰ্মৰত হৈ আছিল ৷

Exit mobile version