Guwahati Refinery Mock Drill:
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটী তেল শোধানাগাৰ কৰ্তৃপক্ষই আজি নুনমাটি ছেক্টৰ ৩ এলেকাত এটা মক ড্ৰিল অনুষ্ঠিত কৰে ৷ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জিলা প্ৰকল্প প্ৰৱন্ধক কৌস্তৱ তালুকদাৰে সদৰি কৰা মতে শোধানাগাৰৰ ভিতৰত হোৱা তেল নিৰ্গমন আৰু এই তেল নলাৰে গৈ দাঁতিকাষৰীয়া অঞ্চলত বিয়পি পৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ এক আপাতকালিন পৰিস্থিতি কল্পনা কৰি এই অনুশীলন চলোৱা হয় ৷
অনুশীলনত আৰক্ষী, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালিন সেৱা, এন ডি আৰ এফ, স্বাস্থ্য, আসামৰিক প্ৰতিৰক্ষা, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আদিয়ে তেওঁলোকৰ এছ অ’ পি অনুসৰি অংশগ্ৰহণ কৰে ৷