SIT To Summon Two Suspended Officers Again:ৰাকেশ পালৰ আশীষধন্য দুই নিলম্বিত বিষয়াক পুনৰ তলব এছআইটিৰ

বৃহস্পতিবাৰে হ'ব লাগিব দুই নিলম্বিত ৰাজপত্ৰিত বিষয়া

sit 1

SIT To Summon Two Suspended Officers Again:

ৰাকেশ পাল সেনানীৰ ইজনৰ পাছত সিজনকৈ বক্ৰপথৰে চাকৰি লাভ কৰা ৰাজপত্ৰিত বিষয়াৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে এছআইটিয়ে ৷

পুনৰ দুই নিলম্বিত ৰাজপত্ৰিত বিষয়াক অহা বৃহস্পতিবাৰে জেৰাৰ বাবে তলব কৰিছে চিআইডি বিশেষ তদন্তকাৰী দলটোৱে ৷

এছআইটিৰ সন্মুখত হাজিৰ হ’ব লগা নিলম্বিত বিষয়দ্বয় হ’ল এপিএছ নীলাঞ্জল গগৈ আৰু সহকাৰী নিয়োগ বিষয়া বিকাশ শৰ্মা ।

উল্লেখ্য যে,গ্ৰেপ্তাৰৰ ভয়ত ইতিমধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছে বিকাশ শর্মাই ৷ অৱশ্যে আদালতে জামিন সন্দৰ্ভত আৰক্ষীৰ পৰা বিচাৰিছে কেছ ডায়েৰী ৷

উল্লেখ্য যে,বক্ৰপথৰে চাকৰি কৰি ইতিপূৰ্বে নিলম্বিত হোৱা এপিএছ ৰুমিৰ তিমুংপিক জেৰা কৰিছিল এছআইটিয়ে ৷ একেদৰে আন দুই নিলম্বিত এপিএছ ঐশ্বর্য জীৱন বৰুৱা আৰু ৰাকেশ দাসক এছআইটিয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ দুয়োজনে বিশেষ আদালতত জামিন বিচাৰিছিল যদিও আদালতে নাকচ কৰে জামিন ৷

Exit mobile version