Literary research Institute shall submit an Account of the Expenditure of Funds:সাহিত্য-গৱেষণা সংস্থাই দাখিল কৰিব লাগিব পুঁজি ব্যয়ৰ হিচাপ

চৰকাৰে দিয়া অনুদানৰ ধন ব্যয়ৰ হিচাপ নাই, ২৭ ডিচেম্বৰৰ ভিতৰত ২৪ টা অনুষ্ঠানক ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিলৰ নিৰ্দেশ, বন্ধ হ'ব ভৱিষ্যতৰ পুঁজি যোগান, দায়ী হ'ব সংশ্লিষ্ট সংস্থাৰ সভাপতি- সম্পাদক, ভাষা গৌৰৱ আঁচনিৰ পুঁজিৰ অনিয়মৰ পাছত কঠোৰ দিছপুৰ

higher education

Literary research Institute shall submit an Account of the Expenditure of Funds:

ভাষা- সাহিত্যৰ উন্নয়নৰ বাবে ইয়াৰ লগত জড়িত সাহিত্য সভা আৰু নির্বাচিত সংস্থাক ৰাজ্য চৰকাৰে সময়ে সময়ে অনুদান আগবঢ়াই আহিছে; কিন্তু সেই ধন ক’ত কিদৰে ব্যয় কৰা হয়, তাৰ কোনো তথ্য বহু সময়ত নাথাকে। এই ক্ষেত্রত নির্দিষ্ট কেইটামান সাহিত্যৰ প্রধান অনুষ্ঠানৰ ভূমিকা অধিক পুতৌজনক। অথচ তেনে সংগঠনবোৰেই সঘনে চৰকাৰৰ ওচৰত অনুদান দাবী কৰি আহিছে।

লক্ষ্যণীয়ভাবে এনে অনুদান তথা পুঁজি ব্যৱহাৰক লৈ অসম সাহিত্য সভাৰ দৰে বৃহৎ জাতীয় অনুষ্ঠানত বিয়াগোম কেলেংকাৰি সংঘটিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্য চৰকাৰে এনে অনুষ্ঠানবোৰক কঠোৰ সকীয়নি প্রদান কৰিছে। শেহতীয়াকৈ যি অনুদান সাহিত্য সভা আৰু সাহিত্যকেন্দ্রিক অনুষ্ঠানবোৰক আগবঢ়োৱা হৈছিল, তাৰ ব্যয়ৰ বিতং তথ্য এইবাৰ চৰকাৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে বিচাৰিছে।

তথ্য দাখিলত ব্যর্থ হ’লে ভবিষ্যতে আৰু কোনো অনুদান আগবঢ়োৱা নহ’ব বুলিও অৱগত কৰা হৈছে। তদুপৰি ইয়াৰ বাবে দায়ী হ’ব সভাপতি আৰু প্রধান সম্পাদক। উল্লেখ্য যে ইয়াৰ পূর্বে ভাষা গৌৰৱ আঁচনিৰ নামত অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাক মুখ্য কৰি ২১ খন সাহিত্য সভাক ৭০.৫৬ কোটি টকা ক’পাছ পুঁজি হিচাপে আগবঢ়োৱা হৈছিল। ২০২০-২১ আক ২০২২-২৩ত আগবঢ়োৱা এই ধনক লৈ অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।

এই অভিযোগৰ বিভাগীয় অনুসন্ধান সম্প্রতি অব্যাহত আছে। তাৰ মাজতে এইবাৰ ২৪ টা অনুষ্ঠানক ২০২২-২৩৩ উচ্চ শিক্ষা বিভাগৰ জৰিয়তে ৪.৭৫ লাখ টকা আগবঢ়োৱা হয়। বেংকযোগে সমুদায় ধন আদায় দিয়াৰ পাছত তাৰ ব্যয়ৰ কোনো হিচাপ অদ্যাপি নাই ৷

উচ্চ শিক্ষা বিভাগৰ শীর্ষ সূত্রই মন্তব্য কৰে যে ভাষা-সাহিত্য, গৱেষণাৰ নামত বিভিন্ন সময়ত ইয়াৰ লগত জড়িত উল্লেখযোগ্য অনুষ্ঠানবোৰে চৰকাৰৰ পৰা পুঁজি লাভ কৰি আহিছে; কিন্তু সেই পুঁজি ব্যয়ৰ হিচাপ কোনোদিনে দিয়া নহয়। এইবাৰ সেই কাৰণে তুলনাত্মকভাবে কম পৰিমাণৰ পুঁজি হ’লেও সেইখিনি ব্যয়ৰে বিতং তথ্য বিচৰা হৈছে।

লক্ষ্যণীয়ভারে এই তালিকাবো শীর্ষত নাম আছে অসম সাহিত্য সভাৰ। অহা ২৭ ডিচেম্বৰৰ ভিতৰত সংশ্লিষ্ট সংস্থা আৰু সংগঠনবোবে ধন ব্যয়ৰ তথ্য দাখিল কৰিব লাগিব। অন্যথা কঠোৰ ব্যৱস্থাৰ সন্মুখীন হোৱাটো নিশ্চিত।

উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালিকা সুমিত্রা দেৱে পিচি/এইছই/এছঅ’পিডি/১/২০২২/২৪০ নম্বৰত জাৰি কৰা নির্দেশনাটো যিকেইটা সংস্থা তথা সংগঠনলৈ প্রেৰণ কৰা হৈছে সেইবোৰ হ’ল- অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, মণিপুৰী সাহিত্য পৰিষদ, কাৰ্বি লাম্মেট আমেই, ইনষ্টিটিউট অৱ টাই ষ্টাডিজ এণ্ড বিছার্চ, ৰাভা সাহিত্য সভা, মিচিং সাহিত্য সভা, সদৌ অসম লেখিকা সমাৰোহ, বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সম্মিলন, আছাম একাডেমী অব মেথমেটিকছ, অসম লেখিকা সন্থা, অসম ছাইন্স ৰাইটাৰ্ছ এছ’চিয়েছন, ইন্ডিয়ান আর্থ হিস্ট্রি কংগ্রেছ, চেন্ট্রেল টাই একাডেমী, ছাউথ-ইষ্ট এছিয়া ৰামায়ণা ৰিছার্চ চেন্টাৰ, কামৰূপ সংস্কৃত সঞ্জীবনী সভা, তিরা সাহিত্য সভা, দেউৰী সাহিত্য সভা, অসম নেপালী সাহিত্য সভা, অল আছাম গাবো সাহিত্য সভা, পূর্বাঞ্চল টাই সাহিত্য সভা, কোচ ৰাজবংশী সাহিত্য সভা, মিচিং ভাষা-সংস্কৃতি গৱেষণা কেন্দ্র আৰু ডিমাচা সাহিত্য সভা।

অতি জৰুৰী হিচাপে এই বিষয়টো গ্রহণ কৰি নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত আটাইবোৰ সাহিত্য আৰু গৱেষণাৰ সংগঠন-সংস্থাক ব্যৱহাৰিক প্রমাণপত্র দাখিল কৰিবলৈ কোৱা হৈছে।

অভিযোগ অনুসৰি, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ বিৰুদ্ধে চৰকাৰে দিয়া পুজি ব্যয়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সর্বাধিক উত্থাপিত হৈ আহিছে।

Exit mobile version