Nalbari Wild Elephant:নলবাৰীৰ বৰঘোপাত বনৰীয়া হাতীৰ সন্ত্ৰাস

wild elephant foto

Nalbari Wild Elephant:

নলবাৰী জিলাৰ পুৱ নলবাৰী অঞ্চলত কেবাটাও স্থানত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই ৰাইজৰ নিদ্ৰা হৰণ কৰাৰ সময়তে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘোপা গাঁৱত আজি পুৱতি নিশা হাতীৰ জাকটোৱে সোনেশ্বৰ কলিতা(বগা)ৰ ঘৰত প্ৰবেশ কৰি প্ৰায় তিনি কুইন্টল মান ধান খোৱাৰ লগতে বহু ধান অনিষ্ট কৰে।

ধান খোৱাৰ পিছতেই চুবুৰীয়া বসন্ত কলিতাৰ মন্দিৰ, কাঞ্চন কলিতাৰ ঘৰ-বাৰী ভাঙি-চিঙি ক্ষতিসাধন কৰে।যাৰ পৰিপ্ৰেক্ষিতত কথমপি প্ৰাণ ৰক্ষা কৰে পৰিয়ালটোৱে।

আনহাতে ৰাতিৰ ভাগতে বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে বৰঘোপাৰে বিপুল হালৈৰ পাঁচশ কুইন্টলৰো অধিক ৰঙালাও,হাজাৰোধিক চেনীচম্পা-মালভোগ কলৰ গছ খাই লাখ লাখ টকাৰ ক্ষতিসাধন কৰে।

নটাকৈ বৃহত হাতীৰ জাকটো দেখি ভয়ত আতংকিত হৈ পৰিয়ালটো। এক আতংকৰ পৰিবেশৰ সৃষ্টি হৈ পৰিছে সমগ্ৰ অঞ্চলটোত।

ইতিমধ্যে নলবাৰী বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা অব‍্যাহত ৰাখিছে।

Exit mobile version