Witchcraft Incident Again in the State:পুনৰ ৰাজ্যত ডাইনী কাণ্ড

তিনি সন্তানৰ মাতৃক হানিখুছি জ্বলাই দিলে উন্মত্ত অন্ধবিশ্বাসীৰ দলে

TEZPUR

Witchcraft incident again in the state:

তেজপুৰৰ নিকটৱৰ্তী নিজ বাঁহবাৰীত জঘন্য ঘটনা সংঘটিত হৈছে দেওবাৰে নিশা ৷

দেওবাৰে নিশা প্ৰায় ১০বজাত ডাইনী সন্দেহত জীৱন্তে মহিলাক জ্বলালে এদল উন্মত্ত লোকে৷সন্তানৰ সন্মুখতে জ্বলালে মাতৃক৷সংগীতা কাপি নামৰ মহিলা গৰাকীক ডাইনী বুলি অভিযোগ তুলি দুৰ্বৃত্তৰ দলে হানিখুচি জ্বলাই দিয়ে ৷

তিনি সন্তানৰ মাতৃ তথা ৰাম কাপিৰ ৪০বছৰীয়া সংগীতা কাপিক প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পিছত খেৰ,জপনা জাপি জ্বলাই দিলে একেখন গাঁৱৰ একাংশ অন্ধবিশ্বাসী, অশিক্ষিত উন্মত্ত দুস্কৃতিকাৰীয়ে।

আৰক্ষীয়ে নিশাই অভিযান চলাই ৪ জনক গ্ৰেপ্তাৰ কৰাৰ পাছত দিনত আন দুই অভিযুক্ত সহ মুঠ ছয় জনক গ্ৰেপ্তাৰ কৰিছে ঘটনা সন্দৰ্ভত ৷

অজয় চাংহাৰ,টিংকু মালহাৰ,সুৰয বাঘোৱাৰ,ধীৰাজ বাঘোৱাৰ, বাবুল নাগধৰ আৰু বাইলা চাংহাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে

উল্লেখ্য যে,গ্ৰেপ্তাৰ হোৱা বিশেষ ভাৱে সক্ষম ধীৰাজ বাঘোৱাৰৰ এখন ভৰি কাটি পেলাবলগীয়া হৈছিল আৰু ইয়াৰ কাৰণ সংগীতাৰ তন্ত্ৰ-মন্ত্ৰ বুলি সন্দেহ কৰি এই নৃশংস কাণ্ড সংঘটিত কৰা হ’ল বুলি অভিযোগ উঠিছে । আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

Exit mobile version