SP Anand Mishra Resigns From Indian Police Service:লক্ষ্য লোকসভা নির্বাচন: পদত্যাগ এছ পি আনন্দৰ

আসন্ন লোকসভা নির্বাচনত গৃহ ৰাজ্য বিহাৰৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্ব্বিতাৰ পৰিকল্পনাৰে আৰক্ষী সেৱা ত্যাগ, আৰক্ষীপ্ৰধানৰ যোগেদি মুখ্য সচিবলৈ পত্ৰ প্ৰেৰেণ

anandra misha 1

SP Anand Mishra Resigns From Indian Police Service:

ব্যক্তিগত আৰু সামাজিক কিছু লক্ষ্য পূৰণৰ কাৰণ দর্শাই ভাৰতীয় আৰক্ষী সেৱাৰ পৰা ইস্তফা দিব বিচাৰি অসম চৰকাৰৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই

সঘনে বিভিন্ন বিষয়ক লৈ চৰ্চাৰ আৱৰ্তত মিশ্র সম্প্রতি মণিপুৰত সংঘটিত গোষ্ঠী সংঘৰ্ষ ঘটনাৰ তদন্তৰ লগতো জড়িত আছিল। মুখ্য সচিবলৈ প্ৰেৰণ কৰা পত্ৰত অসম-মেঘালয় কেডাৰৰ ২০১১ৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া মিশ্ৰই অহা ১৬ জানুৱাৰীৰ পৰা পদত নাথাকে বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে চাকৰিৰ পৰা অৱসৰ লৈ ৰাজনীতিত নামিব নেকি আনন্দ মিশ্র ! কিয়নো শেহতীয়াকৈ বিষয়াগৰাকীয়ে বিহাৰৰ পৰা ৰাজনীতিত নামিব বুলি তীব্র চর্চা চলিছিল। সেয়েহে বর্তমান বিভিন্ন জনৰ মনত বিভিন্ন প্রশ্ন উত্থাপন হৈছে।

সেই উদ্দেশ্যতে ব্যক্তিগত লক্ষ্যৰ বিষয়টো উল্লেখ কৰি ভাৰতীয় আৰক্ষী সেৱা ত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ চৰ্চাও হৈছে।

Exit mobile version