Teenage Girl Sexually Assaulted In Nagaon:নগাঁৱত কিশোৰীক যৌন নিৰ্যাতন !

নিৰ্যাতনকাৰী এজন বৃদ্ধ সহ দুই অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

salsali news

Teenage Girl Sexually Assaulted In Nagaon:

কিশোৰীক নিৰ্যাতন কৰি দুই অভিযুক্ত জালত পৰিল আৰক্ষীৰ ৷ নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনীৰ এগৰাকী কিশোৰীক মঙলবাৰে নিশা এজন বৃদ্ধ আৰু যুৱকে দলবদ্ধভাৱে যৌন নিৰ্যাতন কৰে ৷

পাছত ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত বুধবাৰে হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই চলচলিৰ পৰা দুই অভিযুক্ত চামচুল আলী আৰু জীয়াবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে আৰক্ষীৰ মাৰাথন জেৰাত দুই অভিযুক্তৰ অন্যতম চামচুল আলীয়ে নিৰ্যাতন কৰাৰ কথা স্বীকাৰ কৰিছে ৷

Exit mobile version