Wild Elephant Infestation:বন্য হস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ ৰাজ্যৰ এটা অঞ্চলৰ বিশেষ পদক্ষেপ

কেইবাখনো গাঁৱৰ ৰাইজে বন্যহস্তীলৈ আগবঢ়ালে কলগছ, ধান, চাউল, ফল-মূল ইত্যাদি

kampur elephant food image

Wild Elephant Infestation:

হাতী- মানুহৰ সংঘাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত থকাৰ মাজতে হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ এটা অঞ্চলৰ ৰাইজৰ বিশেষ পদক্ষেপ ৷

এইবাৰ নেদেখা জনৰ ওচৰত শৰণাপন্ন হৈ বন্যহস্তীলৈ ভোগ আগবঢ়ালে নগাঁও জিলাৰ কৃষি প্ৰধান অঞ্চল ৰূপে পৰিচিত বৃহত্তৰ কামপুৰৰ এটা অঞ্চলৰ ৰাইজে ৷

উল্লেখ্য যে, বিগত দুটা মাহ ধৰি কামপুৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ জাকে পথাৰত ধান, শাক পাছলি খায় তহিলং কৰাৰ লগতে বহু লোকৰ বাসগৃহ ক্ষতিসাধন কৰিছে ৷

যাৰ বাবে উপায়ন্তৰ হৈ কামপুৰ দৰঙিয়াল গাঁও আৰু মহগৰীয়াআটি গাঁৱৰ ৰাইজে পথাৰৰ মাজত বন্যহস্তীৰ বাবে কলগছ, ধান, চাউল, ফল ফলহাকে ধৰি বিভিন্ন খাদ্য যোগান ধৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈ ভোগ আগবঢ়াই ৷

ৰাইজৰ আশা এই ভোগ বন্যহস্তীয়ে গ্ৰহন কৰি নিজৰ স্থানলৈ গতি কৰি ৰাইজক আৰু ক্ষতিসাধন নকৰে ৷ উল্লেখ্য যে ক্ষতিগ্ৰস্ত কৃষকক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী বন বিভাগ আৰু চৰকাৰলৈ স্থানীয় লোকৰ ৷

Exit mobile version