Bafelo Attack In Kaliabar:কলিয়াবৰত পুৱাই অঘটন !

বনৰীয়া ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

bafelo

Bafelo Attack In Kaliabar:

কলিয়াবৰত অঘটন। শুক্ৰবাৰে ফুলগুৰিৰ পথাৰত ঘাঁহ কাতিব যোৱা এজন লোকক বনৰীয়া ম’হে আক্ৰমণ কৰে ৷ ফলত গুৰুত্বৰভাৱে আহত হয় লোকজন ৷ আহত লোকজনৰ নাম ক্ষেমৰাজ বাহাদুৰ ছেত্ৰী।

উল্লেখ্য যে,পাশ্বৱৰ্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া ম’হে উপযুপৰি খুন্দা মাৰে ক্ষেমৰাজ বাহাদুৰ ছেত্ৰী নামৰ লোকজনক ৷

ইতিমধ্যে ম’হৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত ছেত্ৰীক স্থানীয় লোকে ততাতৈয়াকৈ ভৰ্তি কৰে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৷

Exit mobile version