Kaziranga National Park To Open For Tourists On October 15:
পৰ্যটক সকলৰ বাবে ভাল খবৰ ৷ অহা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷
২০২৩ -২৪ পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ পৰ্যটকৰ পৰিদৰ্শনৰ বাবে মুকলি কৰাৰ পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষই ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালিকা সোণালী ঘোষে সদৰি কৰা মতে ‘গ্ৰেটাৰ কাজিৰঙা টুৰিজিম’ পৰিকল্পনাৰ লক্ষ্যৰে লাওখোৱা, বুঢ়াচাপৰি আৰু বিশ্বনাথক সামৰি ২০২৩-২৪ পৰ্যটন বৰ্ষক অধিক সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷
আনহাতে ১৫ অক্টোবৰত উদ্যান খনৰ দ্বাৰ মুকলি হোৱাৰ পাছত পৰ্যটক সকলে কেৱল জীপ ছাফাৰীৰে উদ্যান খন পৰিদৰ্শন কৰিব পাৰিব যদিও হাতী ছাফাৰী সুবিধা লাভ কৰিবলৈ সক্ষম নহ’ব ৷ ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব নৱেম্বৰ মাহলৈ ।
আনহাতে উদ্যান খনৰ দ্বাৰ মুকলি কৰাৰ সমান্তৰালভাৱে পৰ্যটকৰ সুবিধা হোৱাকৈ পৰ্যটন ২০২৩-২৪ বৰ্ষত ব’টিং, চাইক্লিং আদিৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷
ইফালে ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থকাৰ কথা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু স্থানীয় বিধায়কদ্বয় অতুল বৰা আৰু কেশৱ মহন্ত ৷