Vaishno Devi Temple Breaks 10-year Record of Devotees:বৈষ্ণো দেৱী মন্দিৰত ভক্তৰ ১০ বছৰৰ অভিলেখ ভংগ

দৈনিক ৪৪ হেজাৰৰ তীৰ্থ দর্শন

bashnu

Vaishno Devi Temple Breaks 10-year Record of Devotees:

মাতা বৈষ্ণো দেৱী দৰ্শনৰ বাবে যোৱা তীর্থযাত্ৰীৰ সংখ্যাই বিগত ১০ বছৰৰ অভিলেখ ভংগ কৰিলে। চলিত বৰ্ষত বর্তমানলৈকে ৯৩ লাখ ৫০ হেজাৰৰো অধিক তীর্থযাত্রীয়ে বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিলে।

শ্ৰীমাতা বৈষ্ণো দেৱী ব’র্ডে এই তথ্য সদৰী কৰি জনোৱা অনুসৰি, বিগত ১০ বছৰৰ পাছত সর্বাধিক ৯৩.৫০ লাখৰো অধিক তীর্থযাত্রীয়ে মাতাৰ মন্দিৰ দৰ্শন কৰিলে চলিত বৰ্ষত। ইয়াৰ পূর্বে ২০১২৩ ১০ লাখ ৪০ হেজাৰ আৰু ২০১১৩ ১০ লাখ ১১ হেজাৰ লোকে এই মন্দিৰ দৰ্শন কৰিছিল।

মন্দিৰ কর্তৃপক্ষই জনোৱা অনুসৰি, চলিত বৰ্ষত গড়ে দৈনিক ৩৭ হেজাৰৰ পৰা ৪৪ হেজাৰ ভক্তই বৈষ্ণো দেৱীৰ মন্দিৰ দৰ্শন কৰিছিল। ২০২৩ৰ সমাপ্তিলৈকে বৈষ্ণো দেবী দর্শনার্থীৰ সংখ্যাই এক কোটিৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

Exit mobile version