শ্রীমাতা বৈষ্ণো দেৱী তীর্থ ন্যাসে দর্শনার্থীসকলক ক’ভিড বিধি সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান জনালে। ন্যাসে ঘােষণা কৰা অনুসৰি, ৭২ ঘণ্টা পুৰণি কৰ’নাৰ পৰীক্ষণ প্রমাণপত্র অথবা দুপালি ক’ভিড প্রতিষেধক গ্ৰহণ কৰা ভক্তইহে বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিব পাৰিব।
ন্যাসে লগতে প্ৰকাশ কৰা অনুসৰি যদি কোনাে দর্শনার্থীৰ হাতত এইসমূহ প্রমাণ অর্থাৎ টিকাকৰণৰ আৰু ক’ভিড পৰীক্ষণৰ প্রমাণপত্র নাথাকে, তেনে ভক্তই মন্দিৰ চৌহদৰ নির্দিষ্ট স্থানত ক’ভিডৰ ৰেপিড টেষ্ট সম্পন্ন কৰাব পাৰিব।
এনে পৰীক্ষাত ‘নিগেটিভ’ ফলাফল লাভ কৰা তীর্থ যাত্রীক মন্দিৰ অভিমুখে যাত্ৰা কৰাৰ অনুমতি দিয়া হ’ব। মাতা বৈষ্ণো দেৱী তীর্থ ন্যাসে লগতে ঘােষণা কৰি কয় যে তীর্থ যাত্রীসকলে মন্দিৰ দৰ্শনৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব।
তদুপৰি মন্দিৰ চৌহদৰ ভিতৰত সকলাে ভক্তই শাৰীৰিক দূৰত্ব বর্তাই ৰাখিব লাগিব। মাতা বৈষ্ণো দেৱী দৰ্শনৰ বাবে উপস্থিত হােৱা তীর্থ যাত্রীৰ ৬১ জনৰ আৰ টি-পি চি আৰ পৰীক্ষণত ক’ভিডত সংক্রমিত হােৱাৰ তথ্য লাভ কৰা হৈছে।






























