Greetings Card:নতুন বছৰৰ পদূলিত টিলিঙা বজাই দি যোৱা ‘গ্ৰীটিংছ কার্ড’খন আজি ইতিহাস

মৰমৰ ঘৰখনৰ বেৰত আজি ওলমি নৰয় গ্ৰীটিংছ কাৰ্ডৰ মৰমভৰা সুৱাস

geeting card

Greetings Card:

পদূলিত ইংৰাজী নববর্ষ। নতুন বছৰৰ আগমনত পুলকিত হৈ পৰিছে প্রতিজনৰ মন। এনে সময়তে মনলৈ আহিছে তাহানিৰ নানাৰঙী গ্রীটিংছ কার্ডখনৰ কথা। তাহানিৰ নতুন বছৰৰ পদূলীত ডাকোৱালে টিলিঙা বজাই দি যোৱা ‘গ্রীটিংছ কার্ড’খন আজি ইতিহাস।

তাহানিৰ মৰমৰ বেৰখনত আজি ওলমি নৰয় গ্রীটিংছ কাৰ্ডৰ মৰমভৰা সুৱাস। তাৰ বিপৰীতে আজিৰ ম’বাইলৰ ‘স্ক্রীণ’ত শ্রুতিমধুৰ ৰিংটনৰে জিলিকি ৰয় নতুন বছৰৰ নানা ভাল লগা বার্তা। এই যান্ত্রিকতাৰ সময়ত তাহানিৰ গ্রীটিংছ কাৰ্ডখনৰ স্মৃতিবোৰ সুঁৱৰি প্রশ্ন কৰাত মধ্য অসমৰ সদাজাগ্রত চহৰ জখলাবন্ধাৰ একালৰ গ্ৰীটিংছ কাৰ্ডৰ ব্যৱসায়ী শংকৰ ৰয়ে ক’লে- ‘শুভেচ্ছা জনোৱাৰ উপায়বোৰ সলনি হোৱাৰ লগে লগে আগৰ গ্ৰীটিংছ কাৰ্ডৰ ব্যবসায় এতিয়া বন্ধ হ’ল।

তেতিয়াৰে গ্রীটিংছ কার্ড এতিয়াও দোকানৰ চুকতে পৰি আছে। কোনেও নিবিচাবে। আগতে এই গ্রীটিংছ কার্ড বিক্ৰী এক উত্তম ব্যবসায় আছিল।’ আজিৰ যান্ত্রিকতাৰ সময়তো অৱশ্যে অভিনন্দনবোৰ উমাল হৈয়ে আহে। মাথোঁ উকা হৈ থাকে তাহানি গজালত ওলমাই থোৱা মৰমৰ বেৰখনৰ ৰং-বিৰঙৰ শুভেচ্ছা ভৰা গ্ৰীটিংছ কাৰ্ডৰ ঠাইখিনি।

৮০-৯০ দশকৰ গ্রীটিংছ কাৰ্ডখনৰ পৰা আজিলৈ বহু বছৰ বাগৰিল। আৰু কেইঘণ্টামান পাছতে চাওঁতে চাওঁতে আৰু এটা বছৰে বিদায় মাগিব আমাৰ মাজৰ পৰা। ২০২৩ক এৰি ২০২৪ৰ ইংৰাজী নতুন বছৰক আদৰাৰ ব্যাপক প্রস্তুতি চলিছে চৌপাশে। ইজনে সিজনক নতুন বছৰৰ শুভেচ্ছা জনাইছে।

সামাজিক মাধ্যম ফেচবুক, হোৱাটছএপত নতুন বছৰৰ শুভেচ্ছাৰ মেচেজৰে ভৰি পৰিছে। কিন্তু ইয়াৰ বিপৰীতে আমাৰ মাজৰ পৰা হেৰাই গৈছে তাহানিৰ হাতে লিখা ৰং-বিৰঙৰ গ্ৰীটিংছ কাৰ্ডখন। এটা সময়ত যিখন কার্ড লাভ কৰাৰ পাছতে শিহৰিত হৈ পৰিছিল প্ৰতিজন।

পুৰণি দিনৰ গ্ৰীটিংছ কাৰ্ডৰ সুৱাস লোৱা অনুভবী ভবেন বৰুৱাই ক’লে- ‘গ্রীটিংছ পঠোৱা আৰু পোৱাতো আগতে এক আৱেগ আছিল। এতিয়া সেই আবেগ নাই। প্রিয়জনৰ লগতে আত্মীয়, বন্ধু -বান্ধৱ বহুতৰে গ্রীটিংছখন এই সময়ত আহিছিল। এতিয়া নাহে। সময়বোৰ কিবা যন্ত্রই টানি নিয়া যেন লাগে।

সময়ৰ পৃষ্ঠাত মেলানি মাগিব আৰু এটা বছৰে। পুৰণিক বিদায় দি ভুমুকি মাৰিব নতুন এটা বছৰে। নতুন বছৰতো যাতে ভালে যায় তাবেই শুভেচ্ছাৰে এটা সময়ত ভৰি পৰিছিল গ্রীটিংছ কার্ড। নতুন বৰ্ষ ওচৰ চাপি অহা তথা পুৰণি বৰ্ষটোয়ে বিদায় লোৱাৰ প্ৰাক্ষণত নিজৰ আপোনজনক নৱবৰ্ষৰ শুভেচ্ছা প্ৰদানৰ এক সুন্দৰ মাধ্যম আছিল গ্রীটিংছ কার্ড। দোকানত ওলোমাই ৰখা গ্রীটিংছ কার্ডত ব্যস্ততা বাঢ়িছিল দোকানীৰ।

দোকানীৰ ওঁঠত হাঁহি বিৰিঙাই গ্রাহকক হাতবাউল দি মাতিছিল ভিন্নৰঙী গ্রীটিংছ কার্ডবোৰে। নিজৰ মনৰ ভাব প্রকাশ কৰি নিজ হাতেৰে আপোনজনক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ গ্রাহকে ক্রয় কৰিছিল গ্রীটিংছ কার্ডবোৰ। কে’বাদিনো পূৰ্বৰে পৰা প্রিয়জনৰ বাবে প্রিয় বাক্য আৰু আগন্তুক বর্ষ কুশল কামনাৰে গ্ৰীটিংছৰ পৃষ্ঠাত শুভেচ্ছাবাণী লিখিছিল। কিন্তু এতিয়া সময় সলনি হ’ল। গ্রীটিংছ কার্ডবোৰ এতিয়া যেন ইতিহাস হ’ল। নতুন বছৰতো শুভেচ্ছা জনোৱাৰ মাধ্যমো সলনি হ’ল।

গ্রীটিংছ কার্ডৰ সলনি সামাজিক মাধ্যম ফেচবুক, হোৱাটছএপ আদি ছ’চিয়েল মিডিয়াই গ্রীটিংছ কাৰ্ডৰ স্থান দখল কৰিলে। পূৰ্বতে বিচাৰি ভিৰ কৰা সেই গ্রীটিংছ কার্ডসমূহ বিপণীত নিবিচৰা হ’ল গ্রাহকে। গ্রীটিংছ কাৰ্ডৰ বিপণীসমূহৰ বিক্রেতাসকলেও যেন সেই গ্রীটিংছ কার্ড বিক্ৰীৰ জীপাল অভিজ্ঞতাবোৰ এতিয়াও সোঁৱৰে।

লাহে লাহে চাহিদা হ্রাস পোৱাৰ লগে লগে আমদানি চল বন্ধ হ’ল গ্রীটিংছ কাৰ্ডৰ। কিয়নো ছ’চিয়েল মিডিয়াৰ যোগেদি এক মুহূর্তৰ ভিতৰতে দেশ বিদেশৰ বন্ধু তথা আপোনজনক শুভেচ্ছা প্রদান কৰিব পৰা হ’ল। একে সময়তে কে’বাজনো লোকক পঠিয়াব পৰা হ’ল শুভেচ্ছাবাণী। হেবাই গ’ল গ্রীটিংছ কাৰ্ডৰ জনপ্রিয়তা। ফলত ছ’চিয়েল মিডিয়াৰ প্ৰসাৰৰ বাবে ইতিহাসৰ পাততহে সজীৱ হৈ ৰ’ল গ্রীটিংছ কার্ড।

তথাপি ৮০-৯০ দশকৰ প্রতিজনে ইংৰাজী নতুন বছৰৰ আগমনৰ সময়ছোৱাতে যেন এবাৰ হ’লেও সোঁৱৰে ডাকোৱালে টিলিঙা বজাই দি যোৱা নানাৰঙী খামৰ মৰমভৰা গ্ৰীটিংছ কার্ডখনক। গ্রীটিংছ কাৰ্ডৰ প্ৰেমত পৰা একাংশৰ আশা- আকৌ উলটি আহক গ্রীটিংছ কাৰ্ডৰ সেই সময়বোৰ।

Exit mobile version