DJs, firecrackers and polythene are banned in Kamrup Picnic Spot:কামৰূপৰ বনভোজস্থলীত ডিজে, ফটকা, পলিথিন নিষিদ্ধ

পৰিৱেশ ৰক্ষাৰ বাবে জিলা প্ৰশাসনৰ নিৰ্দেশাৱলী জাৰি

kamrup dc

DJs, firecrackers and polythene are banned in Kamrup Picnic Spot:

কামৰূপ জিলা প্রশাসনে বনভোজৰ সময়ত জিলাখনত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আৰু পৰিৱেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে।

সেই অনুসৰি বনভোজ থলীত ডিজে, ফটকা, পলিথিন বা এবাৰ ব্যৱহাৰ্য প্লাষ্টিক আদিৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা আয়ুক্তই সকলো চক্র বিষয়ালৈ প্রেৰণ কৰা এখন পত্রত বনভোজ স্থলীত সমবেত লোক আৰু গোটৰ সংখ্যা প্রত্যক্ষ বা পৰোক্ষভাবে নিৰীক্ষণ কৰিবলৈ নির্দেশ দিয়া হৈছে।

উক্ত নিৰ্দেশাৱলীত বনভোজস্থলীত আৱৰ্জনাৰ সঠিক নিষ্কাসন নিশ্চিত কৰিবলৈ আৰু অজৈৱিক সামগ্ৰীৰ নিষ্কাসন বন্ধ কৰিবলৈও কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। ইয়াত কোৱা হৈছে। প্রাকৃতিক জলাশয়সমূহত প্রদূষণ মনোৰঞ্জন, ক্রীড়া, মাছ ধৰা আৰু সাঁতোৰা কার্যত বাধা আৰোপ কৰা হৈছে আৰু এনে কাৰ্যকলাপৰ বাবে জিলা প্ৰশাসনৰ পৰা বিশেষ অনুমতি ল’ব লাগিব বুলি কোৱা হৈছে।

চানডুবি অঞ্চলৰ সংৰক্ষিত অঞ্চলৰ শান্ত পৰিৱেশ কোনেও বিনষ্ট কৰিব নোৱাৰিব। উচ্চ স্বৰৰ সংগীত, হুলস্থুলীয়া পৰিৱেশ আদি নিষিদ্ধ কৰা হৈছে। গছ কটা, খনন কার্য বা আন যিকোনো ধৰণৰ প্ৰকৃতি ধ্বংস কৰা কাৰ্যকলাপ নিষিদ্ধ কৰা হৈছে। বনভোজ থলীত আতচবাজী, আগ্নেয়াস্ত্র বা গুলিচালনা কৰা কাৰ্য কঠোৰভাৱে নিষিদ্ধ।

অন্ধকাৰ দূৰ (পোহৰৰ) কৰাৰ বাহিৰে আন কোনো কাৰ্যকলাপৰ বাবে বিদ্যুৎ সংযোগ স্থাপন কৰিব নোৱাৰিব। বনভোজ স্থলীত ৰাজনৈতিক আৰু কোনো ধর্মীয় অনুষ্ঠানৰ অনুমতি দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে। নির্ধাৰিত বনভোজস্থলীৰ ভিতৰত মটৰ চাইকেল বা অন্যান্য যান-বাহন চলোৱা কার্যকলাপ নিষিদ্ধ কৰা হৈছে।

বনভোজস্থলীৰ ভিতৰত মটৰ চাইকেল লৈ ষ্টান্ট কৰা, উচ্চ স্বৰত সংগীত বজোৱা আৰু ডিজেৰ ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে। বনভোজস্থলীত একক ব্যৱহাৰযোগ্য প্লাষ্টিক আৰু য’তে-ত’তে আবর্জনা পেলোৱা বাৰণ কৰা হৈছে।

এই নিৰ্দেশাৱলীৰ কঠোৰভাবে পালন কৰাটো নিশ্চিত কৰিবলৈ চক্র বিষয়াসকলক নির্দেশ দিয়া বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই জনাইছে ।

Exit mobile version