NEPCO’s Warning Notice To Golaghat District Administration:
চুবুৰীয়া পাৰ্বত্য ৰাজ্য নাগালেণ্ডত শেহতীয়াকৈ অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উফন্দি পেলাইছে নৈ- উপনৈ ৷
ADVERTISEMENT
যিকোনো সময়তে বৃদ্ধি পাব পাৰে দৈয়াং-ধনশিৰিৰ জলস্তৰ ৷ বৃদ্ধি পাইছে নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ৷ প্ৰকল্পটোত বর্তমান মজুত আছে ৩১৯.৭০ মিটাৰ পানী ৷
সংৰক্ষিত পানী ৩২১ মিটাৰ অতিক্ৰম কৰিলেই নেপকোৱে এৰি দিব পাৰে অতিৰিক্ত পানীভাগ ৷
যাৰবাবে আগতীয়া সতৰ্কতামূলক হিচাপে নেপকোৱে গোলাঘাট জিলা প্রশাসনলৈ জাননী প্ৰেৰণ কৰি পানী এৰি দিয়াৰ সম্ভাৱনা ব্যক্ত কৰে ৷