Assam Government is Planning to Resettle Landless Indigenous People in VGR-PGR:ভিজিআৰ-পিজিআৰত ভূমিহীন খিলঞ্জীয়াক সংস্থাপনৰ যো-জা চৰকাৰৰ

মদাহি সম্প্রদায়ক কছাৰী জনগোষ্ঠীৰে অন্তর্ভুক্তিৰ বাবে দিছপুৰে প্রস্তাৱ দিব কেন্দ্রক

janata bhawan 1

Assam Government is Planning to Resettle Landless Indigenous People in VGR-PGR:

ৰাজ্যৰ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভিজিআৰ আৰু পিজিআৰত থকা সংৰক্ষণ প্ৰত্যাহাৰ কৰি সংস্থাপিত কৰাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে।

তাৰে অংশৰূপে ৩৫ টা ভূমিহীন তেনে পৰিয়ালক এনে ভূমিত সংস্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে সোমবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত খিলঞ্জীয়াক ভূমি আবণ্টন দিয়া সন্দর্ভতো আন এক সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি ৰাজ্যৰ ১৬ খন জিলাত দ্বিতীয় পর্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ১,১৯৪ টা খিলঞ্জীয়া পৰিয়ালক নগাঁও আৰু গ্রামাঞ্চলত ভূমি আৱণ্টন তথা ভূমিপট্টা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

জিলাকেইখন হ’ল তিনিচুকীয়া, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি, বিশ্বনাথ, ডিব্রুগড়, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও, ধুবুৰী, কৰিমগঞ্জ, বৰপেটা আৰু বজালী।

প্রসংগক্রমে উল্লেখ্য যে দ্বিতীয় পর্যায়ৰ মিছন বসুন্ধৰাৰ বিষয়সমূহ সমাধানৰ বাবে অহা ১৫ জানুৱাৰীলৈ আঁচনিখনৰ কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্তও আজিৰ কেবিনেটে গ্রহণ কৰে।

ইপিনে, আজি সিদ্ধান্ত লোৱা হয় যে মদাহি সম্প্রদায়ক কছাৰী জনগোষ্ঠীৰ অন্তর্ভুক্ত কৰিবলৈ অসম চৰকাৰে কেন্দ্রক প্রস্তাৱ দাখিল কৰিব। আজিৰ বৈঠকত অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ ৫৯ লাখ দৰিদ্র সীমাৰেখাৰ তলৰ আৰু ঘৰুৱা গ্রাহকৰ ৰাজসাহায্যৰ দুশ কোটি টকা মোকলাই দিয়াত অনুমোদন দিয়া হয়। অর্হতাসম্পন্ন অংগনৱাড়ীক ছুপাৰভাইজাৰ নিযুক্তি নিশ্চিতকৰণৰ বাবে নীতি-নির্দেশনাতো বৈঠকে অনুমোদন দিয়ে।

Exit mobile version