Guwahati IIT Incident:গুৱাহাটী আই আই টিত অঘটন !

থাৰ্টি ফাষ্টৰ নিশা পল্টন বজাৰৰ হোটেলত বন্ধুৰে সুৰা পাৰ্টি আই আই টিৰ ছাত্ৰী, পুৱা হোটেলৰ বাথৰুমত অচেতন অৱস্থাত উদ্ধাৰ,জিএম চি এইছত চিকিৎসাধীন অৱস্থাত মৃত্যু মেধাৱী ছাত্ৰীৰ

iit ghy

Guwahati IIT Incident:

এগৰাকী মেধাৱী ছাত্ৰীৰ অকাল মৃত্যু ৷ অধিক পৰিমাণৰ নিচা জাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতেই গুৱাহাটী আই আই টিৰ ছাত্ৰী এগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি লোৱাৰ সন্দেহ আৰক্ষীৰ ৷ মৃত্যু হোৱা ছাত্ৰী গৰাকীৰ নাম তেলেংগানাৰ পল্লবী ঐশ্বৰ্য বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,আই আই টি গুৱাহাটীত অধ্যয়নৰত মেধাৱী ছাত্ৰী তথা তেলেংগানাৰ পল্লবী ঐশ্বৰ্যই থাৰ্টি ফাষ্টৰ নিশা জিএছ ৰোডৰ এখন বাৰত তিনি বন্ধুৰে সুৰা সেৱন কৰি পাছত পল্টন বজাৰৰ এখন হোটেলত নিশা যাপন কৰিছিল ৷

প্ৰাপ্ত খবৰ অনুসৰি ছাত্ৰী গৰাকীৰে তেলেংগানাৰ দুই বন্ধুৱে পল্টন বজাৰৰ এখন হোটেলত দুটাকৈ কোঠা বুক কৰিছিল ৷ হোটেলৰ ৰেকৰ্ড বুকত দুজন ল’ৰা আৰু দুগৰাকী যুৱতীৰ নাম সন্নিৱিষ্ট কৰা হৈছিল ৷

আনহাতে জি এছ ৰোডৰ বিলাসী বাৰত নিশা সুৰা পাৰ্টি কৰি হোটেললৈ উভতি অহাৰ পাছত আই আই টি গুৱাহাটীৰ ছাত্ৰী পল্লবী ঐশ্বৰ্যক এক জানুৱাৰীৰ পুবা বাথৰুমত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৷

পাছত অচেতন অৱস্থাতে ভৰ্তি কৰা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৷ কিন্ত চিকিৎসকে মৃত ঘোষণা কৰে ৷ পল্টন বজাৰৰ কতৃৰ্পক্ষই জানিব দিয়া মতে,হোটেললৈ ৩১ডিচেম্বৰৰ নিশা আটাইকেজন অহাৰ সময়ত সম্পূৰ্ণ সুৰাসক্ত অৱস্থাত আছিল। সন্দেহ কৰা মতে অত্যাধিক পৰিমাণৰ নিচা সেৱন কৰাৰ ফলতেই ছাত্ৰী গৰাকীয়ে মৃত্যু হৈছে ৷

আনহাতে উদ্থাপিত অভিযোগ অনুসৰি জিএছ ৰোডৰ সংশ্লিষ্ট বাৰ খনত দুই যুৱক ,এগৰাকী যুৱতী সহ ছাত্ৰী গৰাকীয়ে সুৰাৰ লগতে ড্ৰাগছ সেৱন কৰিছিল ৷
অৱশ্যে এই সকলোবোৰ তথ্য পোহৰলৈ আহিব ছাত্ৰী গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পাছতহে ৷

ইপিনে ,পল্টন বজাৰ আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰী গৰাকীৰ দুই বন্ধুক আটক কৰি অব্যাহত ৰাখিছে জেৰা ৷ আটকাধীন দুয়োৰে ঘৰ তেলেংগানাত ৷

Exit mobile version