Union Government has issued new Directives to Hospitals:কেতিয়া আইচিইউত ভর্তি কৰিব ৰোগীক?

কিৎসালয়সমূহলৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নির্দেশ, ৰোগী-আত্মীয়ই নিবিচাৰিলে অথবা যদি চিকিৎসা সম্ভৱ নহয়, তেনে ৰোগীক এতিয়াৰে পৰা ৰাখিব নোৱাৰিব আইচিইউত

icu

Union Government has issued new Directives to Hospitals:

ৰোগী বা আত্মীয় অথবা অভিভাৱকৰ অনুমতি অবিহনে এতিয়াৰে পৰা ৰোগীক আইচিইউ (ইনটেনচিভ কেয়াৰ ইউনিট)ত ভৰ্তি কৰাব নোৱাৰিব কোনো চিকিৎসালয়ে।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে এক নির্দেশযোগে ৰোগীক আইচিইউত ভর্তি কৰাৰ ক্ষেত্ৰত চিকিৎসালয়সমূহে মানি চলিবলগীয়া কেতবোৰ নতুন নীতি-নিয়ম প্ৰৱৰ্তন কৰিছে। প্রকৃততে বহু সময়ত দেখা যায় যে ৰোগীৰ স্বাস্থ্যৰ অৱস্থাৰ অবনতি ঘটাৰ অজুহাত দেখুৱাই অভিভাৱক বা আত্মীয়ক নজনোৱাকৈ একাংশ চিকিৎসালয় কর্তৃপক্ষই ৰোগীক পোনে পোনে আইচিইউত ভর্তি কৰায়।

ইয়াৰ ফলত ৰোগীৰ অভিভাৱকে অনিচ্ছাকৃতভাবে হ’লেও বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিবলগীয়া হয়। ৰোগী তথা আত্মীয়ৰ এনে আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে চিকিৎসালয়সমূহলৈ এই নতুন নির্দেশাৱলী জাৰি কৰিছে।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে ২৪ জন বিশেষজ্ঞৰ পৰামৰ্শ লৈ প্ৰস্তুত কৰিছে এই নির্দেশাৱলী নতুন নির্দেশাবলী অনুসৰি এতিয়াৰে পৰা কোনো গুৰুতৰ অসুস্থ ৰোগীৰ যদিহে কোনো চিকিৎসা সম্ভর নহয় বা চিকিৎসাৰ সুবিধা নাই এনে অৱস্থাৰ সৃষ্টি হ’লে তেনে ৰোগীক আইচিইউত চিকিৎসাৰ নামত ৰখাই থোৱাটো নিৰৰ্থক।

ইফালে, আইচিইউত চিকিৎসাধীন ৰোগীক উপযুক্ত চিকিৎসা আগবঢ়োৱাৰ পাছতো যদি ৰোগীয়ে প্রত্যাশিত সঁহাৰি আগনবঢ়ায়, তেন্তে তেনে ক্ষেত্ৰতো ৰোগীক আইটিইউত চিকিৎসাধীন কৰি ৰখাৰ কোনো অর্থ নাই বুলি নির্দেশাবলীত কোৱা হৈছে। এই নির্দেশাবলীত সবাতোকৈ গুৰুত্বপূর্ণ নির্দেশটো হ’ল যদি কোনো ৰোগীৰ জীয়াই থকাৰ ইচ্ছা আছে; কিন্তু আইচিইউত ভর্তি হ’ব নিবিচাৰে তেন্তে তেনে ক্ষেত্ৰতো সেই ৰোগীক আইচিইউত ভৰ্তি কৰিব নোৱাৰিব।

ইফালে, মহামাৰী বা আন কোনো বিপৰ্যয়ৰ পৰিস্থিতিত আইচিইউত ৰোগীক ভর্তি কৰোৱাৰ ক্ষেত্ৰত্রতো চিকিৎসালয় কর্তৃপক্ষক ভাবি-চিন্তি সিদ্ধান্ত ল’বলৈ কোৱা হৈছে।

ইফালে, আইচিইউত ভর্তিৰ ক্ষেত্ৰত কোন ৰোগীক সর্বাধিক গুৰুত্ব দিয়া হ’ল সেই বিষয়েও চিকিৎসালয়সমূহক যাৱতীয় নিৰ্দেশাৱলী দি কোৱা হৈছে যে যদি ৰোগী অচেতন অৱস্থাত থাকে, উশাহ-নিশাহ লোৱাত অসুবিধা পাইছে বা শ্বাস- প্রশ্বাসৰ কৃত্রিম সহায়তাৰ প্ৰয়োজন আছে তেন্তে তেনে ৰোগীক আইচিইউত ভর্তি কৰাব পাৰে।

নিৰ্দেশাৱলী অনুসৰি আইচিইউত ভর্তি কৰোৱাৰ পূৰ্বে হাস্পতাল কর্তৃপক্ষই ৰোগীৰ ৰক্তচাপ, ধমনিৰে ৰক্তপ্ৰৱাহৰ গতি, শ্বাস-প্রশ্বাসৰ হাৰ, শ্বাস-প্রশ্বাসৰ ধৰণ, হৃদ স্পন্দন, অক্সিজেন ছেচুৰেছন, শৌচ-প্রস্রাব নিয়মীয়াকৈ হৈছে নে নাই এই বিষয়সমূহ পর্যবেক্ষণ কৰিব লাগিব; কিন্তু এনেবোৰ বিসংগতি থকাৰ পাছতো ৰোগী বা ৰোগীৰ আত্মীয়ই আইচিইউত ভর্তি হ’ব নিবিচাৰে বা ভর্তি কৰাব বিচৰা নাই তেন্তে সেই ক্ষেত্রত অভিভাৱক আৰু ৰোগীৰ সিদ্ধান্তকে মান্যতা দিবলৈ বাধ্য হ’ব লাগিব সংশ্লিষ্ট চিকিৎসালয়ৰ কৰ্তৃপক্ষ ৷

Exit mobile version