Driver Protest Against Hit And Run Low:কাইলৈ পুৱা পাঁচ বজাৰ পৰা ৰাজ্যজুৰি বন্ধ থাকিব দিবা-নৈশ বাছসেৱা

হিট এণ্ড ৰান ভেহিকল এক্টৰ বিৰুদ্ধে চালকৰ প্ৰতিবাদ, বন্ধ থাকিব অলা উবেৰ, নচলে টেংকাৰ, গেছ চিলিণ্ডাৰ কঢ়িয়াই বাহন

hit and run 3

Driver Protest Against Hit And Run Low:

কেন্দ্ৰই নতুনকৈ প্ৰৱৰ্তন কৰিব লোৱা হিট এণ্ড ৰান ভেহিকল এক্ট বাতিলৰ দাবীত কাইলৈ পুৱা পাঁচ বজাৰ পৰা ৰাজ্যজুৰি বন্ধ থাকিব দিবা- নৈশ বাছ সেৱা ৷ এই সন্দৰ্ভত নৈশ বাছ চালক সন্থাৰ কৰ্মকৰ্তা তথা’ লাইফ অৱ এ ড্ৰাইভাৰ ‘গ্ৰন্থলেখক ৰূপম দত্তই এক সংবাদমেলত সদৰি কৰে যে শুক্ৰবাৰে পুৱা পাঁচবজাৰ দুদিন ধৰি স্তব্ধ হ’ব দিবা-নৈশ বাছসেৱা ৷ ফলত উজনি- নামনি নচলে নৈশবাছ সেৱা ৷

কেন্দ্ৰই ভেহিকল এক্ট বাতিল নকৰালৈকে ক্ষান্ত নহয় চালক সকল ৷ চালকৰ কৰ্মবিৰতি অব্যাহত থাকিব বুলি ইতিমধ্যে নতুন দিল্লীত হুংকাৰ দিছে ৷

উল্লেখ্য যে,হিট এণ্ড ৰান ভেহিকল এক্ট বাতিলৰ দাবীত অলা,উবেৰ আৰু পেট্ৰলিয়াম মজদুৰ ইউনিয়নে কাইলৈ পৰা দুদিনীয়া কৰ্মবিৰতি ঘোষণা কৰিছে ৷
পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ এই আন্দোলনৰ ফলত ডিজেল- পেট্ৰল, ৰে’লৰ ইন্ধন আৰু এল পি জি চিলিণ্ডাৰ সৰবৰাহ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিব ৷

উল্লেখ্য যে ,কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন আইন অনুসৰি, ৰাজপথত কোনো লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হ’লে সংশ্লিষ্ট বাহন খনৰ চালকে ১০ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ভৰিব লাগিব সাত লাখ টকা পৰ্যন্ত জৰিমনা ৷ একেদৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আঘাতপ্ৰাপ্ত লোকক ততাতৈয়াকৈ নিব লাগিব নিকটৱৰ্তী চিকিৎসালয়লৈ ৷ এই বিষয়ে জনাব লাগিব স্থানীয় আৰক্ষী থানাত ।

কেন্দ্ৰৰ এই আইন খন ক’লা আইন বুলি অভিহিত কৰি ইতিমধ্যে জাঙুৰ খাই উঠিছে বিভিন্ন মটৰ পৰিবহন শ্ৰমিক সংগঠন ৷ বিশেষকৈ অসমৰ দিবা- নৈশ বাছ চালকসকলে এই আইন শীৰ্ঘেই প্ৰত্যাহাৰ নকৰা পৰ্যন্ত অবিৰাম কৰ্মবিৰতি অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷

ইতিমধ্যেই মহাৰাষ্ট্ৰ, কাশ্মীৰ,ছত্তীশগড় মধ্যপ্ৰদেশ, পশ্চিম বংগ, পাঞ্জাৱত চালকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ। স্তব্ধ কৰি দিছে ৰাজপথ৷ ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

আনহাতে, এই প্ৰতিবাদত পেট্ৰলিয়াম মজদুৰ ইউনিয়নে অংশগ্ৰহণ কৰাৰ ফলত ৰাজ্যসমূহত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে । মায়ানগৰী মুম্বাইত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ব্যাপক নাটনি হোৱাত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে হোটেল- ৰেষ্টুৰেণ্ট৷ ইপিনে, আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰা সংশ্লিষ্ট ৰাজ্য সমূহৰ তেল ডিপো সমূহত তেলৰ বাবে গ্ৰাহকৰ নিশাৰে পৰা দীঘলীয়া শাৰী ৷

এনে প্ৰেক্ষাপটত কাইলৈৰ পৰা দুদিনৰ বাবে অসমতো মটৰ – শ্ৰমিক সংগঠন সমূহে অনুৰূপ কৰ্মবিৰতি ঘোষণা কৰাত পেট্ৰল,ডিজেল,ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱাৰ আশংকা কৰা হৈছে ৷

Exit mobile version