Three Notorious Robbers Arrested in Lakhtakia:মহানগৰীৰ লাখটকীয়াত কৰায়ত্ত তিনি কুখ্যাত ডকাইত

lakhtakia

Three Notorious Robbers Arrested in Lakhtakia:

মহানগৰীৰ পানবজাৰ আৰক্ষীৰ জালত তিনি কুখ্যাত ডকাইত ৷ ধৃত ডকাইত কেইটা হ’ল ৰোহিত আলী, মেহবুব আলী আৰু অনুপ ডেকা ৷

উল্লেখ্য যে, বুধবাৰে নিশা লাখটকীয়াত অনুপ ডেকা নামৰ এজন যুৱকৰ পৰা তিনি দুৰ্বৃত্তই থপিয়াই নিয়ে ম’বাইল ,মানীবেগ সহ কেতবোৰ সামগ্ৰী ৷

ইয়াৰ পাছতে নিশাই ভুক্তভোগী যুৱকজনে পানবজাৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত পানবজাৰ আৰক্ষীয়ে ক্ষীপতাৰে লাখটকীয়াৰ ২নং গেটত অভিযান চলাই উল্লিখিত তিনি ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

Exit mobile version