13th Triennial General Conference Of LIAFI 1964:গুৱাহাটীত এল আই চিৰ বীমা অভিকৰ্তা সন্থা ১৯৬৪ৰ

গুৱাহাটী মাণ্ডলিক পৰিষদৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিবেশন সম্পন্ন

lic 2 main

13th Triennial General Conference Of LIAFI 1964:

মহানগৰীৰ পানবজাৰৰ ‘ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া’ প্ৰেক্ষাগৃহত বুধবাৰে ভাৰতীয় জীৱন বীমা অভিকর্তা সন্থা ১৯৬৪ গুৱাহাটী মাণ্ডলিক পৰিষদৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিবেশন আৰু সাধাৰণ সভাখনি অনুষ্ঠিত হৈ যায় ৷

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে শুভাৰম্ভ হয়। আনহাতে পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় মুল সভা ৷

ভাৰতীয় জীৱন বীমা অভিকর্তা সন্থা ১৯৬৪ গুৱাহাটী মাণ্ডলিক পৰিষদৰ সভাপতি প্ৰদীপ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুল সভা খনিত মুখ্য অতিথি ৰূপে উপস্থিত থকা ভাৰতীয় জীৱন বীমা অভিকর্তা সন্থা ১৯৬৪ পূৰ্বোত্তৰ ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালা আৰু ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী মাণ্ডলীক কাৰ্য্যালয়ৰ জ্যেষ্ঠ মাণ্ডলীক প্ৰবন্ধক দীপক কুমাৰে বন্তি প্ৰজ্বলন কৰি সভা খন উদ্বোধন কাম কৰে।

সভাত পূৰ্বোত্তৰ ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালা ,সাধাৰণ সম্পাদক সোমনাথ চৌধুৰী ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী মাণ্ডলীক কাৰ্য্যালয়ৰ জেষ্ঠ মাণ্ডলীক প্ৰবন্ধক দীপক কুমাৰ ,অভিকর্তা সন্থাৰ যোৰহাট মাণ্ডলীক পৰিষদৰ সভাপতি প্ৰদীপ দাস উপ-সভাপতি গোবিন্দ শৰ্মা ,বঙাইগাঁও মাণ্ডলীক পৰিষদৰ সভাপতি গৌতম সাহা সম্পাদক সমীৰ দাসৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

অভিকর্তা সন্থাৰ গুৱাহাটী মাণ্ডলীক পৰিষদৰ ৰূপম চক্ৰৱৰ্তীয়ে আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য বাখ্যা কৰে অভিকর্তা সন্থাৰ গুৱাহাটী মাণ্ডলিক পৰিষদৰ সাধাৰণ সম্পাদক সুনিল কুমাৰ বৰাই ।

জেষ্ঠ মাণ্ডলীক প্ৰবন্ধক দীপক কুমাৰে অভিকর্তা সকলক উদ্দেশী বহুমূলীয়া ভাষণ আগবঢ়াই অভিকর্তা সকলক উৎসাহিত কৰে । পূৰ্বোত্তৰ ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালাই অভিকর্তা সকলৰ নাৰ্য্য প্ৰাপ্তি তথা গ্ৰাহক সকলৰ সেৱা আৰু অধিক ক্ষীপ্ৰতৰ কৰাৰ বাবে কি ধৰণেৰে অভিকর্তা সন্থাই কাম কৰি আছে সেই বিষয়ে অৱগত কৰাৰ লগতে অভিকর্তা সকলৰ সুবিধা আৰু প্ৰাপ্যৰ বিষয়ে বিস্তৃত ভাৱে আলোকপাত কৰে আৰু অভিকর্তা সন্থাক অধিক শক্তিশালী কৰাৰ বাবে গুৰুত্ব আৰোপ কৰে।

উক্ত সভাত যোৰহাট তথা বঙ্গাইগাঁও মাণ্ডলিক পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে বিভিন্ন জনে বক্তব্য আগবঢ়াই । সভাৰ লগত সংগতি ৰাখি মকবুল হুছেইনৰ সম্পাদিত আটকধুনীয়া আলোচনী উন্মোচন কৰে ক্ষেত্ৰীয় পৰিষদৰ সভাপতি মনোজ কুমাৰ আগৰৱালাই।

উল্লেখ্য যে, ভাৰতীয় জীৱন বীমা অভিকর্তা সন্থা ১৯৬৪ গুৱাহাটী মাণ্ডলিক পৰিষদৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিবেশন আৰু সাধাৰণ সভাতে পৰৱৰ্তী কাৰ্যকালৰ বাবে সুনিল কুমাৰ বৰাক সভাপতি , ফুলেন কলিতাক সাধাৰণ সম্পাদক আৰু ৰাজেশ নাথ তিৱাৰীক কোষাধ্যক্ষ হিচাবে লৈ এখন সৱল কমিটি গঠন কৰা হয়।

Exit mobile version