JP Nadda at the State BJP Extended Working Meeting:ৰাজ্যিক বিজেপিৰ বৰ্ধিত কার্যনিবাহক বৈঠকত জে পি নাড্ডা

বৈঠকতে বজালে নিৰ্বাচনী ৰণশিঙা, 'অবকি বাৰ চাৰশ পাৰ', পুৱাই নাড্ডাই আশীষ ল’লে কামাখ্যা মন্দিৰত

nadda 1

JP Nadda at the State BJP Extended Working Meeting:

আগন্তুক লোকসভা নির্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ইতিমধ্যে অসম সহ উত্তৰ-পূৰ্বলৈ ঢাপলি মেলিছে শাসক- বিৰোধীৰ শীৰ্ষ নেতা সকল ৷ ইয়াৰ মাজতে মঙলবাৰে নিশা চাৰ্টাড প্লেনেৰে গুৱাহাটী বিমানকোঠত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা

এয়াৰপৰ্টত নাড্ডাক উস্ম আদৰনী জনায় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা সহ কে’বা গৰাকী মন্ত্ৰীয়ে ৷ নাড্ডাই এয়াৰপৰ্টৰ পৰা পোনে পোনে কইনাধৰাস্থ ৰাজ্যিক অতিথি শালাত উপস্থিত হৈ নিশা কটাই ৷

নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাৰ লক্ষ্যৰে গুৱাহাটীত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে পুৱাৰ ভাগতে দর্শন কৰে কামাখ্য দেৱালয় ৷ ইয়াৰ পাছতে তেওঁ ওভতি আহে কইনাধৰাস্থিত ৰাজ্যিক অতিথাশালালৈ ৷

য’ত তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৷ ইয়াৰ পাছতে জেপি নাড্ডাক খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা বিশাল বাইক ৰেলিৰে আদৰি অনা হয় শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তর্জাতিক প্ৰেক্ষাগৃহলৈ ৷

৮০০ খন বাইকেৰে ৰেলি কৰি নাড্ডাক আদৰি অনা সুদীৰ্ঘ পথছোৱাত নাড্ডাই উঠি অহা বাহন খনত নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৱাৰৰ কাষত থিয় হৈ
পথৰ দুয়োকাষে ৰৈ থকা ৰাইজ আৰু দলীয় কৰ্মকৰ্তাৰ অভিবাদন গ্ৰহণ কৰে ৷

নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তর্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যিক বিজেপিৰ বৰ্ধিত কার্যনিবাহক বৈঠকত অংশ লয় ৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত সাংসদ পদ্মলোচন দাসে আদৰণি সভাখনিত মুখ্যমন্ত্ৰী শৰ্মাই লোকসভা নির্বাচনৰ ৰণ কৌশল সন্দৰ্ভত মাগ দৰ্শন আশা কৰে নাড্ডাৰ পৰা ৷ আগন্তুক নিৰ্বাচনৰ মুল থিম ‘অবকি বাৰ চাৰশ পাৰ’ শীৰ্ষক শ্ল’গান আওৰাই সকলো কৰ্মকৰ্তাকে নিৰ্বাচনী ৰণক্ষেত্ৰত জপিয়াই পৰিবলৈ আহ্বান জনাই ৷

ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই তেওঁৰ সুদীৰ্ঘ ভাষণত বিজেপি ৰ কৰ্মকৰ্তা সকলক ৰাইজৰ মাজলৈ যাবলৈ অনুৰোধ জনাই ৷ বিৰোধীৰ ইণ্ডিয়া জোটঁবন্ধন মহাজটঁলৈ ৰূপান্তৰিত হ’ব আগন্তুক নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত  বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে চাৰিশ পাৰ কৰি অভিলেখ সংখ্যক আসনৰে তৃতীয়বাৰৰ বাবে দিল্লীৰ মনছদ দখল কৰিব ৷ ই এশ শতাংশ সত্য ৷

কিন্ত এই ক্ষেত্ৰত প্ৰতিজন বিজেপি কৰ্মকক্তা,কি মন্ত্ৰী,কি বিধায়ক- সাংসদৰ দায়িত্ব অপৰিসীম ৷ উত্তৰ- পূৰ্বৰ ২৫ খন লোকসভাৰ আসন দলৰ টাৰ্গেট বুলি উল্লেখ কৰি এই আসন কেইখন আমাৰ বাবে অতি মূল্যৱান হৈ পৰিছে ৷

বৰ্ধিত কাৰ্যনিৰ্বাহকত মন্ত্ৰী- বিধায়ক আৰু সাংসদ আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সকলে অংশ লয় ৷ সন্ধিয়াৰ ভাগত বাজপেয়ী ভৱনত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকতো নাড্ডাই ভাগ লয় ৷

উল্লেখ্য যে,আজি নিশাটো খানাপাৰাস্থ কইনাধৰাত নিশাটো কটায় বৃহস্পতিবাৰে পুৱাই ৰাষ্ট্ৰীয় সভাপতি গৰাকী উৰা মাৰিব অৰুণাচললৈ ৷

Exit mobile version