APSC Scam:এপিএছচিৰ তদন্তৰ প্রতিবেদন ৰাজহুৱা কৰাৰ ক্ষেত্ৰত নীৰৱতা চৰকাৰৰ

ব্যৱস্থা গ্রহণ কৰা বিষয়াৰ সংখ্যাহে শপতনামাযোগে ন্যায়ালয়ক অৱগত কৰিলে

apsc scam 2

APSC Scam:

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ দ্বাৰা গঠিত ন্যায়িক তদন্ত আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত এই পর্যন্ত ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ জৰিয়তে নিযুক্তিপ্রাপ্ত বিষয়াৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা গ্রহণ কৰিছে তাকে লৈ শপতনামা দাখিল কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছে যে ২০১৩ আৰু ২০১৪ৰ পৰীক্ষাৰ জৰিয়তে নিযুক্তিপ্রাপ্ত তথা জালিয়াতিত লিপ্তত অভিযুক্ত ২৫ জন বিষয়াক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে। একেদৰে ৪২ জনৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ব্যৱস্থা কৰা হৈছে। আকৌ প্রাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্রক নন্দ বাবু সিঙসহ পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে।

অৱশ্যে ব্যৱস্থা গ্রহণ কৰা বিষয়াসকলৰ নাম শপতনামাত উল্লেখ কৰা হোৱা নাই। উল্লেখ্য যে বিপ্লৱ কুমাৰ শৰ্মাৰ প্রতিবেদন ৰাজহুৱা কৰা আৰু প্ৰতিবেদনৰ ভিত্তিত কি ব্যৱস্থা গ্রহণ কৰা হৈছে ন্যায়ালয়ত বিগত বৰ্ষত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰা হৈছিল।

তাৰ ভিত্তিত চৰকাৰক সমস্ত বিষয় শপতনামা যোগে ন্যায়ালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল; কিন্তু চৰকাৰে কে’বাবাৰো অতিৰিক্ত সময় বিচাৰি শপতনামা দাখিলৰ পৰা বিৰত আছিল।

অৱশেষত আজি শপতনামা দাখিল কৰা হয় যদিও তাত প্রতিবেদনখন ৰাজহুৱা কৰা সন্দৰ্ভত কোনো কথা উল্লেখ নকৰিলে। কেৱল কি ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে, সেয়াহে সংখ্যা হিচাপত উল্লেখ কৰা হয়।

Exit mobile version