Cm Pressmeet In Janata Bhawan:মহিলাসকলৰ বাবে এক সুখবৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰে ৰাজ্যৰ মহিলাসকললৈ আগবঢ়াব ১০ হজাৰ টকা

hbs

Cm Pressmeet In Janata Bhawan:

আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত মহিলা ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ ৰাজ্যৰ লাখ-লাখ মহিলালৈ ৰাজ্য চৰকাৰে আগবঢ়াব ১০ হজাৰ টকাকৈ ৷ ৰাজ্যত গ্ৰাম্য মহিলা সবলীকৰণ’ শীৰ্ষক এক নতুন আঁচনি বৃহস্পতিবাৰে মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয়, ৰাজ্যৰ আত্মসহায়ক গোটৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰকৈ টকা লাভ কৰিব ৰাজ্যৰ ৩৯ লাখ মহিলাই ।

মুখ্যমন্ত্ৰী গৰাকীয়ে জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক সংবাদমেলত উল্লেখ কৰে যে,প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে ১০,০০০ টকাকৈ মহিলাসকলক দিয়া হ’ব অৱশ্যে পৰৱৰ্তী সময়ত এই ধন ২৫,০০০ টকালৈ বৃদ্ধি কৰা হ’ব ৷ ২৫,০০০ টকাৰ ১২,৫০০ টকা চৰকাৰে দিব আৰু ১২,৫০০ টকা বেংকে মহিলাসকলক দিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, ২৫ হেজাৰ টকাৰ চৰকাৰৰ পৰা দিয়া ১২,৫০০ টকা ধন উভতাই দিব নালাগে। কিন্তু পৰ্যায়ক্ৰমে বেংকৰ পৰা দিয়া ১২,৫০০ টকা ধন উভতাই দিব লাগিব মহিলাসকলে।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আত্মসহায়ক গোটৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ১০ হাজাৰকৈ টকা লাভ কৰাৰ ক্ষেত্ৰত কেতবোৰ চর্ত বান্ধি দিয়া হ’ব বুলি উল্লেখ কৰে ৷ সেই অনুসৰি ধন লাভ কৰা মহিলাগৰাকীয়ে প্ৰকৃতাৰ্থত ব্যৱসায় কৰিব পাৰিব নে নাই সেয়া চোৱা হ’ব।

আনহাতে মহিলাগৰাকীয়ে নিজৰ কন্যা সন্তানক স্কুললৈ পঠিয়াম বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব। একেদৰে সন্তানৰ ক্ষেত্ৰতো কেতবোৰ সীমাৱদ্ধতা নিৰ্ধাৰণ কৰি দিয়া হ’ব ৷ সাধাৰণ শ্ৰেণী আৰু অ’বিচিৰ বাবে তিনিটা সন্তান থাকিলে লাভ কৰিব এই আঁচনিৰ সুবিধা।

অৱশ্যে মৰাণ, মটক আৰু চাহ জনগোষ্ঠী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি মহিলাৰ চাৰিটা সন্তান থাকিলেও এই আঁচনিৰ সুবিধা লাভ কৰিব ।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,এই আঁচনি সুবিধা লাভ কৰা মহিলাই জন্মনিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি পত্ৰ চৰকাৰৰ ওচৰত দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ আনহাতে ইতিমধ্যে চৰকাৰৰ ৰূপায়িত অমৃত বৃক্ষ আন্দোলনত মহিলা সকলে ৰোপণ কৰা গছপুলিৰ শেহতীয়া ফটোও দিয়াটো নিতান্তই প্ৰয়োজন বুলি উল্লেখ কৰে ৷

উল্লিখিত আঁচনিৰ বাবে আগ্ৰহী মহিলা সকলে প্ৰ- পত্ৰ ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত স্থানীয় পঞ্চায়তৰ পৰা লাভ কৰিব ।

উল্লেখ্য যে ,মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ এই নতুন আঁচনিৰ বাবদ ৰাজ্য চৰকাৰৰ ব্যয় হ’ব প্ৰায় ৪০ হাজাৰ কোটি টকা ৷

Exit mobile version