Dispur Police:দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰাই পলায়ন গভাইত চোৰৰ

দিছপুৰ ৰাজধানী চিকিৎসালয় চৌহদৰ পৰা পলায়ন,আৰক্ষীৰ দুজন কনিষ্টবলে চোৰটোক পলাই পঠিওৱাৰ অভিযোগ

dispur police

Dispur Police:

মহানগৰীৰ সদাব্যস্ত থানাত পুৱাই লাগিল অথন্তৰআটকাধীন গভাইত চোৰ এটাক স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়তে হেণ্ডকাফসহ পলায়ন কৰে ৷

প্ৰাপ্ত খৱৰ অনুসৰি আজি পুৱাতে দিছপুৰ আৰক্ষীয়ে এটা আটকাধীন চোৰক স্বাস্থ্য পৰীক্ষাৰ বাবে লাষ্টগেইটৰ ৰাজধানী চৰকাৰী চিকিৎসালয়লৈ চিকিৎসা পৰীক্ষাৰ বাবে নিছিল ৷ দুজন কনিষ্টবলে নি থকা সময়তে চিকিৎসালয় চৌহদৰে পৰা হঠাতে হেণ্ডকাফসহ পলায়ন কৰে গভাইত চোৰটোৱে

উদ্থাপিত অভিযোগ অনুসৰি আৰক্ষী কনিষ্টবল দুজনেই চোৰটোক পলায়ন কৰিবলৈ সুবিধা কৰি দিছিল ৷

উল্লেখ্য যে,গভাইত চোৰটোৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ চোৰ কৰি থকা অৱস্থাতে হাতিলোটে কৰায়ত্ত কৰি দিছপুৰ আৰক্ষীক চমজাই দিছিল ৰাইজে ৷

ইতিমধ্যে স্মাৰ্ট আৰক্ষীৰ জিন্মাৰ পৰা গভাইত চোৰ হেণ্ডকাফসহ পলায়ন কৰা ঘটনাক লৈ মহানগৰ আৰক্ষীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

শেহতীয়া খবৰ অনুসৰি কত্তৰ্ব্যৰত কনিষ্টবল দুজনক কৈফিয়ৎ তলব কৰিছে আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই ৷

Exit mobile version