Nagaon Incident:নগাঁৱত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ

ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবে জ্বলাই দিলে নিজৰে ঘৰ

drugs 1

Nagaon Incident:

ড্ৰাগছৰ গ্ৰাসত পৰি শেহতীয়াকে নতুন প্ৰজন্মৰ একাংশ এক অটল গহ্বৰলৈ গতি কৰিছে ।

ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবে ড্ৰাগছ আসক্ত যুৱক এজনে জ্বলাই দিলে নিজৰে বাসগৃহ ৷ এই ঘটনা সংঘটিত হয় নগাঁও চহৰৰ পাশ্বৱৰ্তী মৰঙীয়াল পথাৰত ৷

স্থানীয় লোকে অভিযোগ কৰা মতে,জমিৰ আলী নামৰ নিচাসক্ত যুৱকজনে যোৱা নিশা ড্ৰাগছ সেৱন কৰি আহি পুনৰ ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে পিতৃ- মাতৃ পৰা ধন দাবী কৰে ৷

কিন্ত ধন নোপোত খঙত হিতাহিতজ্ঞানশূন্য হৈ নিজ ঘৰত অগ্নি সংযোগ কৰে ৷ ফলত ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ পিছত স্থানীয় ৰাইজে ড্ৰাগছ আসক্ত জমিৰ আলীক ধৰিবান্ধি আৰক্ষীক চমজাই দিয়ে ৷

Exit mobile version