CRPF Guwahati North East Zone Organizes Soldier Conference:চি আৰ পি এফৰ গুৱাহাটীৰ উত্তৰ-পূব মণ্ডলৰ উদ্যোগত সৈনিক সন্মিলন

অতিৰিক্ত সঞ্চালক প্ৰধানৰ ট্ৰেনজিট কেম্প পৰিদৰ্শন

crpf main

CRPF Guwahati North East Zone Organizes Soldier Conference:

চি আৰ পি এফৰ গুৱাহাটীৰ উত্তৰ-পূব মণ্ডলৰ অধীনস্থ ১২৮ বেটেলিয়নত শণিবাৰে সৈনিক সন্মিলনৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে চি আৰ পি এফৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান বিনোদ কুমাৰ সিঙে ৷ ভাষণ প্ৰসংগত সিঙে কয় যে,সুস্থ হৈ থাকিবলৈ বিষয়া-জোৱানে দৈনিক ব্যায়াম কৰিব লাগে ৷

একেদৰে যোগাসন কৰাৰ পৰামৰ্শ দি উল্লেখ কৰে যে, চি আৰ পি এফে বিগত দিন বিলাকত দেশৰ প্ৰতি যথেষ্ট অৰিহণা যোগাইছিল। এনে প্ৰেক্ষাপটত সদায় সততা আৰু উৎসাহেৰে নিজৰ কৰ্তব্য পালন কৰি অৱদান আগবঢ়াই যাওক বিষয়া- জোৱানসকলে ৷

অনুষ্ঠানত চি আৰ পি এফৰ গুৱাহাটীৰ উত্তৰ-পূব মণ্ডলৰ উপ-মহাপৰিদৰ্শক অনিল কুমাৰ আৰু ১২৮ বেটেলিয়নৰ কমাণ্ডেণ্ট বিনোই ছাত্ৰী উপস্থিত থাকে ৷

উল্লেখ্য যে,চি আৰ পি এফৰ গুৱাহাটীৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীয়ে গুৱাহাটীস্থ চি আৰ পি এফৰ ট্ৰেনজিট কেম্প পৰিদৰ্শন কৰে ৷ কেম্প চৌহদৰ ছেকচন, বেৰেক, ইউনিট হাস্পতাল, অধীনস্থ বিষয়াৰ মেছ সমূহ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লৈ ১২৮ নং কৰ্পছৰ , চি আৰ পি এফৰ বিষয়া আৰু অধীনস্থ বিষয়া সকলৰ স’তে মতবিনিময় কৰে অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীয়ে ৷

আনহাতে ট্ৰেনজিট কেম্পতে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে চি আৰ পি এফৰ শীৰ্ষ বিষয়া গৰাকীয়ে ৷

Exit mobile version