1st Magh:আজি পহিলা মাঘত মঠ-মন্দিৰ- দেৱালত ভক্তৰ সমাগম

mahamitunjoy

1st Magh:

আজি মাঘৰ প্ৰথমটো দিন ৷ এই পবিত্ৰ দিনটোত ঠাণ্ডাৰ প্ৰকোপৰ মাজতে ৰাজ্যৰ মঠ-মন্দিৰ- দেৱালয়ত পুৱাৰে পৰা ভক্তৰ যথেষ্ট সমাগম পৰিলক্ষিত হয় ৷
মহানগৰীৰ মাজমজিয়াৰ উগ্ৰতাৰা দেৱালয়,বশিষ্টাশ্ৰম,গণেশ মন্দিৰ,শুক্লেশ্বৰ মন্দিৰ, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ,হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত শৰাই-নৈবদ্য অৰ্পণ কৰি ভক্তই জনায় প্ৰাৰ্থনা ৷

আনহাতে নগাঁৱৰ বৰদোৱা থান,বঢমপুৰ ভেৰভেৰী মহামৃতন্জয় মন্দিৰ,নলবাৰী জিলাৰ বাৰঘৰীয়া গোপাল থানাত দোমাহীৰ দিনাই সহস্ৰাধিক ভক্ত উপস্থিত হৈ চাকি-বন্তি জ্বলোৱা পৰিলক্ষিত হয়।

আনহাতে তেজপুৰৰ পুৰাণ প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ, শিৱসাগৰৰ শিৱদৌল,কাজিৰঙাৰ বুঢ়ী মাই থান সহ ৰাজ্যৰ সকলো মঠ- মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানিনিচিঙা সোঁত বয় ৷ সকলোৱে আগবঢ়াই শৰাই- শলিতা ,নৈবদ্য ৷

Exit mobile version