Winter Is On The First Day Of Magh:মাঘৰ প্ৰথমটো দিনতে শীতৰ প্ৰকোপ

ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ, আগন্তুক ৪ দিনলৈ সেমেকা হৈ থাকিব ৰাজ্যৰ বতৰ, আজি মহানগৰীৰ ন্যূনতম তাপমাত্ৰা ১১ডিগ্ৰী

bad weather

Winter Is On The First Day Of Magh:

মাঘৰ প্ৰথম দিনটোতে ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ৷ ৰাজ্যৰ ভিন্ন ঠাইত ঘন কুঁৱলীয়ে আৱৰি থকাৰো সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷ মাঘ বিহুৰ দিন কেইটাত অব্যাহত থাকিব সেমেকা বতৰ

আনহাতে আজি মহানগৰীত নূন্যতম উষ্ণতা ১১ ডিগ্ৰী। একেদৰে গুৱাহাটীৰ বিভিন্ন অংশত পুৱা পাতলীয়া বৰষুণ দিয়াৰ সম্ভাৱনা আছে ৷

উজনি অসমৰ যোৰহাট সহ চুবুৰীয়া জিলা কেইখনত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে নামনিৰ জিলা কেইখনতো শীতৰ প্ৰচণ্ড প্ৰকোপৰ উপৰিও ঘন কুঁৱলী পৰিছে ৷

আনহাতে বৰাক উপত্যকাৰ শিলচৰ সহ আন জিলা কেইখনত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাইছে ৷ অঞ্চলটোত পাতলীয়া বৰষুণৰ লগতে বতৰ সেমেকা হৈ থাকিব।

উত্তৰ অসমৰ উত্তৰ লখিমপুৰত বতৰ ফৰকাল যদিও বৰষুণৰ আশংকা কৰা হৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ তথ্য অনুসৰি, আজি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত সৰ্বোচ্চ তাপমান ২৩ ডিগ্ৰী,যোৰহাটত ২২ ডিগ্ৰী, গোৱালপাৰাত ১৯ ডিগ্ৰী, গোলাঘাটত ২২ ডিগ্ৰী, উত্তৰ লখিমপুৰত ২৩ ডিগ্ৰীৰ বিপৰীতে গুৱাহাটীত আজি সৰ্বনিম্ন তাপমান গুৱাহাটীত ১৩ ডিগ্ৰী, শিলচৰত ১৪ ডিগ্ৰী, গোৱালপাৰাত ১৪ ডিগ্ৰী, গোলাঘাটত ১১ ডিগ্ৰী, যোৰহাটত ১০ ডিগ্ৰী আৰু উত্তৰ লখিমপুৰত ৮ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে।

আনহাতে,ৰাজ্যত অহা সাত দিনলৈ ঠাণ্ডাৰ প্ৰকোপ বৃহৎ পৰিমাণে বৃদ্ধি পোৱাৰ লগতে কেতবোৰ অঞ্চলত পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে ৷ বৰষুণৰ ফলত ঠাণ্ডা অতিমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version