3 Million British Citizens, Including Indians, Regained Their Right To Vote:ভাৰতীয়সহ ৩০ লাখ ব্রিটিছ নাগৰিকে ওভতাই লাভ কৰিলে ভোটাধিকাৰ

englang

3 Million British Citizens, Including Indians, Regained Their Right To Vote:

বিদেশত বসবাস কৰা ভাৰতীয়সহ ৩০ লাখতকৈ অধিক ব্রিটিছ নাগৰিকে নির্বাচন অধিনিয়ম ২০২২ প্রবর্তিত হোৱাৰ পাছত ব্রিটেইনত সাধাৰণ নির্বাচন আক জনমত সংগ্ৰহৰ ভোটদানৰ অধিকাৰ ওভতাই লাভ কৰিলে।

১৯২৮ত বিটেইনত মহিলাই ভোটদানৰ অধিকাৰ লাভ কৰাৰ পাছত ভোটদাতাৰ সূচীত এইবাৰ সর্ববৃহৎ পৰিৱর্তন সাধন কৰা হ’ল। শেহতঁ দেশখনত ভোটদান
অধিকাৰ সন্দৰ্ভত ১৫ বছৰৰ বাধ্যতামূলক সীমা প্রত্যাহাৰ কৰা হ’ল।

এতিয়াৰে পৰা বিশ্বজুৰি ব্রিটিছ নাগৰিকে অনলাইন ভোটদান কৰিবলৈ নিজৰ নাম পঞ্জীয়ন কৰাব পাৰিব। বিদেশত যিমানদিনে বসবাস নকৰক কিয়, ব্রিটিছ নাগৰিকে নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা ভোটদানৰ অধিকাৰ লাভ কৰিব।

এনে ভোটদাতাক নিজৰ নাম পঞ্জীয়নৰ তিনি বছৰৰ ভিতৰত ভোটদাতাৰ তালিকাত অন্তর্ভুক্ত কৰা হ’ব পঞ্জীয়নৰ পাছত ভোটদাতাই ডাক বা অনলাইন ভোটৰ বাবে আবেদন কৰিব পাৰিব ৷

Exit mobile version