924 Cartons Of Arunachal Liquor Seized In Kathiatali:নগাঁৱৰ কঠীয়াতলীত জব্দ অৰুণাচলী সুৰা

আৰক্ষীয়ে ট্ৰাকত তালাচী চলাই জব্দ কৰে ৯২৪ কাৰ্টুন অৰুণাচলী সুৰা

kathitali 1

924 Cartons Of Arunachal Liquor Seized In Kathiatali:

নগাঁৱৰ কঠীয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত কঠীয়াতলী আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত ৰাজপথৰে গৈ থকা এ এছ ০১ কে চি ৬৬৪৫ নম্বৰৰ ট্ৰাকখনত অৰ্তকিতে অভিযান চলাই জব্দ কৰে ৯২৪ কাৰ্টুন অৰুণাচলী সুৰা ।

আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনকো আটক কৰে। আৰক্ষীৰ জেৰাত চালকজনে স্বীকাৰ কৰা মতে, জব্দকৃত সুৰাখিনি অৰুণাচলৰ পৰা কঠীয়াতলী হৈ হোজাইলৈ নিয়া উদ্দেশ্যৰে সৰবৰাহ কৰা হৈছিল ৷

ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ট্ৰাক চালক জনক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version