Manipur Firing:
অগ্নিগৰ্ভা মণিপুৰত ইতিমধ্যে ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ মাজতে ইটোৰ পাছত সিটোকৈ দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আছে ৷
মণিপুৰত পুনৰ অব্যাহত আছে হিংসা৷ এনে ঘটনাক্ৰমৰ মাজতে বুধবাৰে পুৱাভাগত ৰাজ্য খনত পুনৰ নিৰাপত্তাৰক্ষীৰ সৈতে কুকি উগ্ৰপন্থীৰ তুমুল সংঘৰ্ষ হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি টেংনুপাল জিলাৰ সীমান্ত চহৰ ম’ৰেত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ দল এটাই ম’ৰেৰ নিৰাপত্তাৰক্ষীৰ এটা চকীত বোমা নিক্ষেপ কৰাৰ লগতে নিৰ্বিচাৰ গুলীচালনা কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰে ।
ম’ৰেৰ মণিপুৰ আৰক্ষীয়ে সদৰি কৰা মতে কুকি উগ্ৰপন্থীৰ গুলী নিৰাপত্তাৰক্ষীৰ বাহন চালক আৰক্ষী এজন থিতাতে নিহত হয় । এই ঘটনাৰ পাছতে ইতিমধ্যে সমগ্ৰ অঞ্চলটো অৰ্ধ সামৰিক বাহিনীয়ে ঘেৰাও কৰি কুকি উগ্ৰপন্থীৰ সন্ধানত আৰম্ভ কৰিছে তীব্ৰ অভিযান ৷
উল্লেখ্য যে, মণিপুৰ চৰকাৰে মঙলবাৰে মাজনিশা ১২ বজাৰ পৰা টেংনুপাল জিলাত সান্ধ্য আইন জাৰি কৰে।
আনহাতে মঙলবাৰে নিশাই ইম্ফলৰ পশ্চিম জিলাৰ কৌটৰুক গাঁৱত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ সৈতে গাঁওৰক্ষী বাহিনীৰ দুঘণ্টাৰো অধিক সময় ধৰি তুমুল সংঘৰ্ষ হয় ।
অৱশ্যে ঘটনাৰ খবৰ পোৱা মাত্ৰকে অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে আক্ৰমণকাৰীয়ে গুলীবৰ্ষণ বন্ধ কৰি পলায়ন কৰে ৷ সম্প্ৰতি সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হোৱাৰ লগতে অব্যাহত আছে চেপা উত্তেজনা ৷