Sasal Sahitya Sabha:চচল শতদল শাখা সাহিত্য সভাৰ শিল্পী দিৱস উদযাপন

বাঁহীবাদক, চিত্ৰ-ভাস্কৰ্য শিল্পী অশ্বিনী শৰ্মালৈ ' শিল্পী সম্বৰ্ধনা 

sasal

Sasal Sahitya Sabha:

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটি দিনজোৰা কাৰ্যসূচীৰে চচল শতদল শাখা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত শিল্পী দিৱস হিচাপে উদযাপন কৰা হয় ৷ অনুষ্ঠানৰ অংশ হিচাপে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ উপ-সভাপতি ড° মিনেশ্বৰ হাজৰিকাই ৷ ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পন কৰে শাখাৰ প্ৰাক্তন সভাপতি ফণিধৰ ডেকাই ৷

ৰাতিপুৱা ১০ বজাত শাখাৰ সভাপতি বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত শিল্পী দিৱসৰ মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, প্ৰৱন্ধকাৰ, বিশিষ্ট সাহিত্যিক তথা ‘অনুৰাধা দেশ’ ৰ শ্ৰষ্ঠা ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ৷ মুখ্য অতিথিৰ ভাষণত সাহিত্যিক গৰাকীয়ে কয় যে শিল্পীসকল সত্য শিৱ সুন্দৰৰ একনিষ্ঠ সাধক ৷

সত্য অন্বেষণৰ কাৰণে সৌন্দৰ্য সৃষ্টিৰ যোগেদি একনিষ্ঠ সেৱকৰ দৰে সমাজৰ প্ৰতিটো দিশত এক জাগ্ৰত প্ৰহৰীৰ দৰে সমাজত ঘটি থকা প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে সদায় এক প্ৰতিবাদী কণ্ঠ হিচাপে থিয় দিয়ে ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাইও সৰ্বহাৰাৰ মুক্তিৰ বাবে সদা জাগ্ৰত আছিল ৷ তেখেতৰ সৃষ্টিৰাজি সঙ্গীতৰ মাজেৰে ইয়াৰে প্ৰতিফলন দেখিবলৈ পোৱা যায় ৷

সভাত বিশিষ্ট সঙ্গীত শিল্পী , সুৰকাৰ, গীতিকাৰ, বাঁহীবাদক, কবি , চিত্ৰ-ভাস্কৰ্য শিল্পী তথা সদ্যঘোষিত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ শিল্পী পেঞ্চনাৰ অশ্বিনী শৰ্মাক জীৱনযোৰা সাধনাৰ বাবে ফুলাম গামোচা, জাপি, চেলেং, শ্বল, শৰাই, সম্বৰ্ধনা পত্ৰ আৰু শিল্পী স্মাৰকেৰে ‘শিল্পী’ সম্বৰ্ধনা জনোৱা হয় ৷

সম্বৰ্ধনাৰ উত্তৰত শিল্পী গৰাকীয়ে তেওঁৰ জীৱনৰ এক বুজাব নোৱাৰা অনুভুতি আজিৰ সম্বৰ্ধনাই দিয়া বুলি উল্লেখ কৰে ৷ শিল্পীজনৰ জীৱন ভিত্তিক তথ্য চিত্ৰ সভাত প্ৰদৰ্শন কৰাৰ লগতে বাঁহীবাদনৰ জৰিয়তে বৰগীত আৰু জ্যোতি সংগীতৰ সুমধুৰ লয়লাস সৃষ্টি কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।

চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক সমবেত গীতেৰে আৰম্ভ হোৱা সভাত শিল্পী গীতিকাৰ গিৰিশ শৰ্মা, মালা শৰ্মা, সদানন্দ বৰ্মণ, অলকা মহন্ত আৰু বিদিশা চৌধুৰীৰ মনোমোহা জ্যোতি সংগীত, শাখা সভাৰ সাংস্কৃতিক সম্পাদক হৰিনাৰায়ণ বৰ্মণৰ সুমধুৰ বাঁহীবাদন আৰু শান্তনা দাস বৰ্মণৰ জ্যোতিপ্ৰসাদৰ কবিতা আবৃতি, শাখাৰ উপ-সভাপতি অন্নপ্ৰভা কাকতি ৰূপকোঁৱৰ শীৰ্ষক স্বৰচিত কবিতা পাঠে উপস্থিত সকলোকে আপ্লুত কৰে ৷

সভাপতিৰ ভাষণত সাহিত্যিক থানেশ্বৰ মালাকাৰে ৰূপকোঁৱৰৰ জীৱন দৰ্শন আৰু সৃষ্টিৰাজিৰ মাজত থকা বহু কেইটা উল্লেখনীয় দিশ ব্যক্ত কৰে ৷ সভাত প্ৰাক্তন সভাপতি লোহিত হাজৰিকা, ভুপেন্দ্ৰ নাথ দাস, শাখাৰ উপ-সভাপতি কনক চন্দ্ৰ মহন্ত, ৰামধেনু শাখাৰ সম্পাদক ড° বুধীণ শইকীয়া, আকাশ শাখাৰ সম্পাদক মঞ্জু দত্ত আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে সভাৰ সৌস্তভ বৃদ্ধি কৰে ৷ শাখাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে আঁতধৰা মুকলি সভাৰ অসম সংগীতেৰে সফল সামৰণি পৰে ৷

Exit mobile version