Principal Arrested For Taking Bribe:ঘোচ লৈ হাত দাঙিলে অধ্যক্ষই !

principal arrested

Principal Arrested For Taking Bribe:

শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত এজন অধ্যক্ষই ঘোচ লৈ হাত দাঙিলে বৃহস্পতিবাৰে ৷ নগাঁৱৰ ৰূপহীহাটৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বুলবুল চৌধুৰীয়ে উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই

ADVERTISEMENT

উল্লেখ্য যে, খকুৱা অধ্যক্ষ গৰাকীয়ে দীৰ্ঘদিন ধৰি শিক্ষকৰ এৰিয়াৰ বিল পাছ কৰাই দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছিল ৷ এই সন্দৰ্ভত নিজ বিদ্যালয়ৰে এগৰাকী শিক্ষক কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ ৷

সেই অনুসৰি আজি বিল পাছ কৰাই দিয়াৰ নামত দাবী কৰা তিনি হাজাৰ টকা সংশ্লিষ্ট শিক্ষকজনৰ পৰা অধ্যক্ষই লওতেই পূৰ্বৰে পৰা খাপ পাটি থকা দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে আটকাধীন ঘোচখোৰ অধ্যক্ষ গৰাকীক অধিক তথ্যৰ বাবে গুৱাহাটীস্থ দুৰ্নীতি নিবাৰক শাখা কাৰ্যালয়লৈ নিয়ে ৷

Exit mobile version