Prominent Social Worker- Businessman Girin Das Passes Away:নগাঁৱৰ বিশিষ্ট সমাজকর্মী- ব্যৱসায়ী গিৰীণ দাসৰ মৃত্যু

girindas

Prominent Social Worker- Businessman Girin Das Passes Away:

নগাঁও চহৰৰ হয়বৰগাঁও এ,টি ৰোড নিবাসী অসম আন্দোলনৰ এজন নেতা, সমাজকর্মী, নাট্যকর্মী বিশিষ্ট ব্যৱসায়ী গিৰীণ দাসৰ বুধবাৰে পুৱতি নিশা ৩.৩০ বজাত নিজ বাসভবনত পৰলোকপ্রাপ্তি ঘটে। তেওঁ কিছুদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৭৫ বছৰ।

অসম আন্দোলনৰ এজন সক্রিয় কর্মী দাসে অসম আন্দোলনত নেতৃত্ব বহন কৰি একাধিকবাৰ আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈ কাৰাবাস খাটিবলগীয়া হৈছিল। তদুপৰি তেওঁ এসময়ত অসম জাতীয়তাবাদী যুব- ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ-সভাপতি হিচাপেও কার্যনির্বাহ কৰিছিল।

উত্তৰ-পশ্চিম পৰিবহণ সন্থাৰ লগত ওতঃপ্রোতভাবে জড়িত দাস হয়বৰগাঁও নাট্য মন্দিৰ, বীণাপাণি নাট্য মন্দিৰ আদিৰ লগতে, হয়বৰগাঁও অঞ্চলৰ বিভিন্ন ধর্মীয়-সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ স’তেও জড়িত আছিল।

তেওঁ এজন মঞ্চৰ সুদক্ষ অভিনেতা আছিল। তদুপৰি তেওঁ একাধিক অসমীয়া চলচ্চিত্রত অভিনয়ো কৰিছিল। উল্লেখ্য যে দাস নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানৰ সন্মুখৰ বিখ্যাত ‘হোটেল মনালিছা’ৰ স্বত্বাধিকাৰ আছিল। উদ্যোগী দাসে বহু নিবনুৱা যুৱকক নিজা প্রতিষ্ঠানত কর্মসংস্থাপন দিছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী, একপুত্র, দুইকন্যা,জোৱাই নাতি সহ বহু ইষ্ট-কুটুম্বক ইহসংসাৰত এৰি যায়। বিশিষ্ট ব্যৱসায়ী, সমাজকর্মী দাসৰ বিয়োগত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, প্রাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্রাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ,এইছ চি দাস মেমৰিয়েল ফাউণ্ডেচনৰ লগতে বিভিন্ন ব্যক্তি, দল-সংগঠন, অনুষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে।

Exit mobile version