Rahul Gandhi’s Nyay Yatra is the CM’s Reaction:ৰাহুল গান্ধী ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

এয়া ন্যায় যাত্ৰা নহয়, মিঞা যাত্ৰা, য'ত মিঞা থাকিব তাত মানুহ হ'ব, য'ত মিঞা নাই তাত মানুহ নহ'ব, দেশৰ সকলোতকৈ ভ্ৰষ্ট পৰিয়াল হ'ল গান্ধী পৰিয়াল : মুখ্যমন্ত্ৰী

cm 1

Rahul Gandhi’s Nyay Yatra is the CM’s Reaction:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মণিপুৰৰ আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
দেশৰ সকলোতকৈ ভ্ৰষ্ট পৰিয়ালটোৱে হ’ল গান্ধী পৰিয়াল৷এই পৰিয়ালৰে যুৱৰাজ গৰাকীয়ে যি যাত্ৰা আৰম্ভ কৰিছে আচলতে এয়া ন্যায় যাত্ৰা নহয়, মিঞা যাত্ৰা। য’ত মিঞা থাকিব তাত মানুহ হ’ব, য’ত মিঞা নাই তাত মানুহ নহ’ব।

আনহাতে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সমদল মহানগৰীৰ মাজেদি যোৱাৰ অনুমতি প্ৰশাসনে দিয়া নাই ৷ কিন্ত চৰকাৰী অনুমতি অবিহনে যাত্ৰা অব্যাহত ৰাখিলে গোচৰ তৰা হ’ব ,প্ৰয়োজন হ’লে আটক কৰাও হ’ব পাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইপিনে,আমগুৰি ন্যায় বিচাৰি অৱস্থান ধৰ্মঘট কৰি ৰাহুল গান্ধীৰ পৰা ন্যায়ৰ আশা কৰি অৱশেষত সাক্ষাৎ নাপাই বিমুখ হোৱা যুৱ কংগ্ৰেছী অংকিতা দত্ত সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী তীৰ্যক মন্তব্য কৰি কয়,’অংকিতা দত্তই ৰাহুল গান্ধীৰ পৰা ক’ত ন্যায় পাব? অসম আন্দোলনৰ ৯০০ ছহিদৰ ন্যায় কেতিয়া দিব? আইজলত কংগ্ৰেছে বোমা পেলাইছিল’ বুলি বহু কথাৰ অৱতাৰণা কৰে ৷

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি কামৰূপ মহানগৰ জিলা বিজেপিৰ বুথ সভাপতিৰ প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই । কৰ্মশালাৰ অন্তত সাংবাদিকক সম্বোধন কৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সম্পৰ্কত উল্লিখিত মন্তব্য কৰিছিল ৷

Exit mobile version