Rahul Gandhi Arrives On The North Coast:উত্তৰ পাৰত উপস্থিত ৰাহুল গান্ধী

মাজুলীৰ পৰা স্থল পথেৰে ঢকুৱাখনাত উপস্থিত ৰাহুলক সমৰ্থকৰ ৰাজকীয় আদৰণি

rahul

Rahul Gandhi Arrives On The North Coast:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মণিপুৰৰ আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিশাল সমদল আজি বিয়লী মাজুলীৰ পৰা স্থল পথেৰে আহি শুক্ৰবাৰে উপস্থিত হয় উত্তৰ পাৰৰ ঢকুৱাখনাত।

কংগ্ৰেছৰ শীৰ্ষ নেতা গৰাকীৰ নেতৃত্বাধীন সমদলটোক ঢকুৱাখনা- মাজুলীৰ সীমা খেৰকটীয়া নদীৰ সীমাৰ পৰা আদৰি আনে লখিমপুৰ জিলা কংগ্ৰেছ আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে ৷ যাত্ৰা পথত কংগ্ৰেছ নেতাজনক পথৰ দুয়োকাষে ৰৈ থকা সমৰ্থক আৰু জনতাই উস্ম আদৰণি জনায় ডিঙিত পিন্ধাই দিয়ে ফুলাম গামোচা ৷

২-৫০ বজাত ঢকুৱাখনা ব্লক চাৰিআলি আৰু ঢকুৱাখনা সদৰ চাৰিআলি অভিমুখে ৰাওনা হোৱা ৰাহুল গান্ধীয়ে উঠি অহা কনতেইনাৰ গাড়ীৰ খিৰিকীৰ পৰা হাত দাঙি ৰাইজক সম্ভাষণ জনাই  ৷দলীয় শ্ল’গান , বিপুল হৰ্ষধ্বনিৰ মাজত নিজৰ কনতেইনাৰ বাহনেৰে আগুৱাই যোৱা গান্ধীক ওচৰৰ পৰা হাত মিলাই সম্ভাষণ জনোৱাৰ বাবে হেতা উপৰা লাগে ঢকুৱাখনাৰ অপেক্ষাৰত নাগৰিকৰ ৷

উল্লেখ্য যে,কংগ্ৰেছ নেতাজন পদযাত্ৰা কৰাৰ কথা আছিল যদিও স্থানীয় প্ৰশাসনে অনুমতি নিদিয়াত তেওঁ নিজৰ গাড়ীৰ খিৰিকীৰে ৰাইজৰ অভিবাদন গ্ৰহণ কৰে ৷তেওঁৰ স’তে মতবিনিময় আৰু পদযাত্ৰাত অংশ ল’বলৈ ৰৈ থকা সমৰ্থক সকল পাচত বিমুখ হব লগা হয় ৷

ঢকুৱাখনাৰ সদৰ চাৰিআলিৰ ৰাজপথৰে যোৱা ৰাহুল গান্ধীৰ বিশাল ৰেলি ৰাওনা হয় গোগামুখ অভিমুখে ৷

প্ৰাপ্ত খবৰ অনুসৰি কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ গৰাকী নিশাটো বাহৰ পাতিব গোগামুখত ৷ ছোনীয়া তনয় গৰাকীক এই যাত্ৰাপথত সংগ দিয়ে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ,লোকসভাত কংগ্ৰেছৰ উপ- দলপতি গৌৰৱ গগৈ,এপিচিচিৰ সভাপতি ভূপেন বৰা,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন সহ বহু কেইজন কংগ্ৰেছ নেতা ৷

Exit mobile version