Special Directives Of The Central Government:কোচিং চেণ্টাৰসমূহে ১৬ বছৰৰ তলৰ শিক্ষার্থীক কৰিব নোৱাৰিব নামভর্ত্তি !

কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্দেশনা

cooching

Special Directives Of The Central Government:

দেশত শেহতীয়াকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে গঢ় লৈ উঠা কোচিং চেন্টাৰ সমূহে নামভৰ্তিৰ নামত ১৬ বছৰৰ তলৰ শিক্ষার্থীৰ পৰা হকেবিহকে বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উদ্থাপিত হৈ আহিছিল ৷

কিন্ত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোচিং চেন্টাৰ সমূহক দিছে কেতবোৰ নিৰ্দেশনা ৷ সেই অনুসৰি কোচিং চেণ্টাৰসমূহে এতিয়াৰ পৰা বিভিন্ন ৰাজ্যত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ১৬ বছৰৰ তলৰ শিক্ষার্থীক কৰিব নোৱাৰিব নামভৰ্তি ।

একেদৰে শিক্ষাৰ্থী সকলক ভাল ৰেংক বা ভাল নম্বৰ পোৱাৰ আশা দেখুৱাই বিভিন্ন প্ৰতিশ্ৰুতিমূলক বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব বিভিন্ন মাধ্যমত ৷

ইতিমধ্যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই সম্বন্ধীয় নিৰ্দেশনা জাৰি কৰি নতুন গাইডলাইন অনুসৰি কোচিং চেণ্টাৰ সমূহে চৰকাৰী নিৰ্দেশনাক আওকান কৰি শিক্ষাৰ্থী পৰা অতিৰিক্ত ধন ল’লে এক লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

ইয়াৰ উপৰিও বাতিল হ’ব পাৰে কোচিং চেণ্টাৰৰ পঞ্জীয়ন ৷ আনহাতে কোনো অপৰাধমূলক কাৰ্যৰে জড়িত থকা ব্যক্তিক শিক্ষক হিচাপে কোচিং চেণ্টাৰে নিযুক্তি দিব নোৱাৰিব ৷ এই সম্বন্ধীয় স্পষ্ট নিৰ্দেশনা গাইড লাইনত উল্লেখ কৰিছে শিক্ষা মন্ত্ৰণালয়ে ৷

অৱশ্যে দশম শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত কোচিং চেণ্টাৰত শিক্ষার্থীয়ে নাম পঞ্জীয়ন কৰিব পাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰি দিছে শিক্ষা মন্ত্ৰণালয়ৰ নতুন গাইড লাইনে ৷

Exit mobile version