Ramlala’s Face Revealed Ahead Tample Opening On Monday:হাঁহিমুখীয়া ৰামলালাৰ আলোকচিত্ৰ চাই নয়ন জুৰ পেলালে ৰামভক্তই

দুহাতত সোণালী বৰণৰ ধনু-কাঁড়,কপালত আছে বগা-ৰঙা ফোট,অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠাৰ প্রস্তুতি তুংগত ,মূল মন্দিৰত নতুন ৰামলালাৰ লগতে সংস্থাপিত হ'ব পুৰণা মন্দিৰত থকা বিগ্রহ

ramlala

Ramlala’s Face Revealed Ahead Tample Opening On Monday:

অৱশেষত ৰাজহুৱা হ’ল অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্রতিষ্ঠাৰ বাবে সাজু কৰা কৃষ্ণশিলাৰে নিৰ্মিত ৰামলালাৰ বিগ্ৰহৰ আলোকচিত্র।

শুক্ৰবাৰে ৰাম মন্দিৰৰ গৰ্ভগৃহত সংস্থাপন কৰা ৰাম মন্দিৰৰ মুখ আৰু চকু কাপোৰেৰে ঢাকি থোৱা হৈছিল যদিও আজি মুখৰ পৰা বান্ধি থোৱা কাপোৰখন খুলি দিয়া হয়৷

অৱশ্যে এতিয়াও কাপোৰেৰে ঢাকি থোৱা হৈছে চকুযুৰি। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই আলোকচিত্রখনত দেখা ৰামলালাৰ মূৰ্তিটো সুশোভিত হৈ ৰৈছে এডাল পুষ্পমালাবে।

উল্লেখ্য যে অহা সোমবাৰে নৱনির্মিত ৰাম মন্দিৰৰ – গর্ভগৃহত এই বিগ্রহটোতে যথাবিহিত পূজা- অৰ্চনাৰে প্ৰাণ প্রতিষ্ঠা কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময় চমু চাপি অহাৰ লগে লগে অযোধ্যাত বৃদ্ধি পাইছে প্রস্তুতি আৰু ব্যস্ততা। উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে আজি অযোধ্যালৈ গৈ মন্দিৰ নগৰীৰ নিৰাপত্তা ব্যবস্থা পর্যবেক্ষণ কৰে।

তাৰ পাছতে ৰাম মন্দিৰ ন্যাসে প্রকাশ কৰে ৰামলালাৰ আলোকচিত্ৰখন। উল্লেখ্য যে ক’লা বৰণীয়া শিলেৰে খোদিত ৰামলালাৰ দুই হাতত আছে সোণালী বঙৰ ধনু-কাঁড়। অতি নিখুঁতভাবে নিৰ্মাণ কৰি উলিওৱা হৈছে ভগৱান ৰামচন্দ্রৰ এই মূর্তিটো।

মূর্তিটোৰ মূৰৰ অংশ একোচা বন্ধা চুলিৰে আবৃত। মুখত আছে ঈষৎ হাঁহি। কপালত আছে বগা আৰু বঙা ৰঙৰ ফোট। মুঠতে দুখন আলোকচিত্র প্রকাশ কৰা হৈছে। ইয়াৰে এখন কিছু নিলগৰ পৰা তোলা আৰু এখন ওচৰৰ পৰা তোলা।

এটি পাঁচ বছৰীয়া শিশুৰ গঢ়-গঠনৰে নিৰ্মাণ কৰা হৈছে ৰামলালাৰ বিগ্রহ। পূর্বে অযোধ্যাৰ ৰাম মন্দিৰত থকা মূর্তিৰ তুলনাত যথেষ্ট ডাঙৰ এই বিগ্রহটো। অৱশ্যে মন্দিৰ কর্তৃপক্ষই জনোৱা মতে, পূৰ্বৰে পৰা পূজা-অর্চনা কৰি অহা পুৰণা মূর্তিটোও মূল মন্দিৰত ৰখা হ’ব।

নতুন মূৰ্তিটোত প্রাণ প্রতিষ্ঠাৰ পাছত দুয়োটা মূর্তিতে নিয়মীয়াকৈ পূজা-অর্চনা কৰা হ’ব। উল্লেখ্য যে যোৱা বুধবাৰে সন্ধিয়া এক ধর্মীয় শোভাযাত্ৰাৰে মূল মন্দিৰলৈ আদৰি অনা হৈছিল বালকৰূপী প্রভু ৰামচন্দ্ৰৰ ৫১ ইঞ্চি উচ্চতাৰ মূৰ্তিটো।

বৃহস্পতিবাৰে দিনৰ ১-২৮ বজাত শুভ মুহূর্ত চাই গর্ভগৃহৰ মূল বেদীত প্রতিষ্ঠা কৰা হয় মূর্তিটো।

Exit mobile version